অলিম্পিয়া প্ৰতিবেদন
অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আয়োজিত জে কে বৰুৱা অনুর্ধ ১৯ বৰ্ষৰ আন্তঃজিলা ক্ৰিকেটৰ আজিৰ এখন মেচত শিলচৰে প্ৰথম ইনিংছত লাভ কৰা অগ্ৰগতিৰ পৰিপ্ৰেক্ষিতত জয়লাভ কৰিছে।
গোলাঘাট ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত মেচখনৰ প্ৰথম ইনিংছত শিলচৰে ৪০০ ৰান কৰি ইনিংছ ঘোষণা কৰে। শিলচৰৰ হৈ ৰৌচনে ৯৯, কৃশানু দত্তই ৯৩ আৰু গৌৰৱ তপ্নই ৭৮ ৰানৰ উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। গুৱাহাটীৰ ধ্ৰুৱ ৰাজ বৰাই ১০০ ৰানৰ বিনিময়ত ৪ টা উইকেট দখল কৰে।
গুৱাহাটীয়ে দ্বিতীয় দিনৰ অন্তত ৮০.৫ অভাৰত ৮ উইকেট হেৰুৱাই ২৪৮ ৰান সংগ্ৰহ কৰে। গুৱাহাটীৰ হৈ ৰোহন হাজৰিকাই ১০০ ৰান সংগ্ৰহ কৰে। শিলচৰৰ পৰীক্ষিত বনিকে ৪৯ ৰানৰ বিনিময়ত ৬ টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়। প্ৰথম ইনিংছত লাভ কৰা অগ্ৰগতিৰ সুবাদত শিলচৰে শেষ হাঁহি মাৰে।