Monday, October 3, 2022
HomeNewsজাগাৰাত প্ৰাইজমানি ফুটবলৰ সফল সামৰণি , প্ৰতিযোগিতাৰ চেম্পিয়ন সোণাপুৰ স্প'ৰ্টছ ক্লাব

জাগাৰাত প্ৰাইজমানি ফুটবলৰ সফল সামৰণি , প্ৰতিযোগিতাৰ চেম্পিয়ন সোণাপুৰ স্প’ৰ্টছ ক্লাব

অলিম্পিয়া প্ৰতিবেদন

নলবাৰীৰ জাগাৰাত প্ৰাইজমানি ফুটবলৰ সফল সামৰণি। ফাইনেল মেচত সোণাপুৰ স্পৰ্টছ ক্লাব চেম্পয়ন। ফাইনেল উপভোগ কৰিবলৈ দৰ্শকৰ ব্যাপক সমাগম। যুৱমঞ্চ আৰু জাগাৰা ফুটবল ক্লাবৰ উদ্যোগত জাগাৰা হাইস্কুল খেলপথাৰত ১০ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল প্ৰথম বাৰ্ষিক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। ৰাজ্যৰ প্ৰায় ১৬ টাকৈ দলে অংশ লোৱা এই প্ৰতিযোগিতাৰ শনিবাৰে সামৰণি পৰে।

ফাইনেল মেচত অৱৰ্তীন হয় সোণাপুৰ স্প’ৰ্টছ ক্লাব বনাম বগুৰীহাটী ফুটবল দল। ২-১ গ’লৰ ব্যৱধানত বগুৰীহাটী ফুটবল দলক পৰাস্ত কৰি জয়ী হয় সোণাপুৰ স্পৰ্টছ ক্লাব।মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন সোণাপুৰ স্পৰ্টছ ক্লাবৰ মিছবাউল হকৰ। ৰিন্টু আহমেদলৈ শ্ৰেষ্ঠ গ’লৰক্ষকৰ সন্মান।

উল্লেখযোগ্য যে, ফাইনেল মেচখনৰ শুভ উদ্বোধন কৰে অভিযন্তা ভূপেন তালুকদাৰে।অঞ্চলটোৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত খেলুৱৈসকলক পুৰস্কাৰসমূহ প্রদান কৰা হয়।

ৰাজ্যৰ বিভিন্ন স্থানত এনেদৰেই এতিয়া ফুটবলৰ বতাহ। সুপ্ত প্ৰতিভাসমূহক উলিয়াই অনাৰ ক্ষেত্ৰত যুৱমঞ্চ আৰু জাগাৰা ফুটবল ক্লাবে গ্ৰহণ কৰা এনে পদক্ষেপৰ শলাগ লৈছে ক্ৰীড়াপ্ৰেমী ৰাইজে। ফুটবলপ্ৰেমী ৰাইজে আশা কৰিছে আগন্তুক সময়ত জাগাৰাই জন্ম দিয়ক বহু প্ৰতিভাৱান ফুটবল তাৰকাৰ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments