অলিম্পিয়া প্ৰতিবেদন
অষ্ট্ৰেলিয়াত চলি আছে বিগ বেছ লীগ। ভাৰতৰ আই পি এলৰ দৰেই বিবিএল সমগ্ৰ বিশ্বতে জনপ্ৰিয়। ৰানৰ জোৱাৰ, বেটছমেনৰ সংহাৰীৰূপ আদিৰে সকলো ফালৰ পৰা উপভোগ্য এই বি বি এল।
শনিবাৰে মেনুকা অভেল ষ্টেডিয়ামত অনুষ্ঠিত টুৰ্ণামেণ্টখনৰ কোৱালিফাইং মেচ এখনত মুখামুখি হয় ছিডনী ছিক্সাৰ্ছ আৰু পাৰ্থ স্ক’ৰচাৰ্ছ। উক্ত মেচতে এক অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হয় ছিডনী ছিক্সাৰ্ছ দলৰ বেটছমেন জেমছ ভিন্স। দলৰ হৈ ৯৮ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলা ইংলেণ্ডৰ ক্ৰিকেটাৰগৰাকী অভাৱনীয়ভাবে বঞ্চিত হ’বলগীয়া শতকৰ পৰা।
উল্লেখযোগ্য যে, ছিডনী ছিক্সাৰ্ছ দলক জয়ৰ বাবে প্ৰয়োজন আছিল ১৬৮ ৰান। ১৬৮ ৰানৰ লক্ষ্য আগত লৈ ছিডনী ছিক্সাৰ্ছৰ জেমছ ভিন্সৰ বিস্ফোৰক ৫৩ বলৰ ৯৮ ৰানৰ ইনিংছটোৰে দলটো ১৮ টা বল বাকী থকাৰ অৱস্থাতেই লক্ষ্যত উপনীত হয়। ১৭ নং অভাৰত নন ষ্ট্ৰাইকাৰ ডেনিয়েল হিউজে এটা চাৰি কোবাই অভাৰৰ বাকী বলকেইটা ডিফেন্স কৰে। ফলত ১৮ তম অভাৰত যেতিয়া ভিন্স বেটিঙৰ বাবে আহে তেতিয়া শতকৰ বাবে তেওঁক ২ ৰানৰ প্ৰয়োজন থকাৰ বিপৰীতে দলক জয়ৰ বাবে প্ৰয়োজন আছিল কেৱল ১ ৰানৰ।
১৮তম অভাৰ কৰিবলৈ বল হাতত তুলি লোৱা অষ্ট্ৰেলিয়াৰ এন্দ্ৰিঅ’ টাইয়ে প্ৰথম বলটোত ৱাইড বল প্ৰদান কৰি ভিন্সৰ আশাত চেঁচা পানী ঢালে। ভিন্সে অৱশ্যে সাংবাদিকৰ প্রশ্নত কয় যে শতক অর্জন কৰিব নোৱাৰি তেওঁ দুখ পাইছে যদিও আশা কৰিব পাৰি যে টাইয়ে এনেকাম ইচ্ছাকৃতভাৱে নকৰে।