ৰাষ্ট্ৰীয় পৰ্যায়ত জামুগুৰিহাটৰ কিশোৰ ধ্ৰুপদৰ স্বৰ্ণজয়

অলিম্পিয়া প্ৰতিবেদন

ৰাষ্ট্ৰীয় পৰ্য্যায়ত এগৰাকী কিশোৰৰ স্বৰ্ণজয়। ৰাষ্ট্ৰীয় টাইকোৱানডোত জিলিকিল জামুগুৰিহাটৰ ধ্ৰুপদ কাশ্যপ।উত্তৰ প্ৰদেশৰ বুডাউ’ত বিজয় ধ্বজ্জা উৰুৱালে ১৩ বছৰীয়া কিশোৰ ধ্ৰুপদে। অসমৰ ক্ৰীড়াজগতলৈ গৌৰৱ কঢ়িয়াই আনিছে ইজনৰ পিছত সিজন যুৱ খেলুৱৈয়ে।১০ ৰ পৰা ১২ ছেপ্টেম্বৰলৈ উত্তৰ প্ৰদেশৰ বুডাউ’ত অনুষ্ঠিত হৈছিল ” ফাৰ্ষ্ট ইলাইট কাপ অপেন নেচনেল টাইকোৱাণডো চেম্পিয়নশ্বিপ”। বৰপেটাৰোড, শিৱসাগৰ, তিতাবৰ আৰু যোৰহাটৰ পৰা এই প্ৰতিযোগিতাত অংশ ল’বলৈ গৈছিল অসমৰ ৩২ গৰাকী খেলুৱৈ। দলটোৰ মেনেজাৰ আছিল বিজয় দাস আৰু দলৰ প্ৰশিক্ষক আছিল ধীৰাজ দেউৰী। বৰপেটাৰোডৰ দলটোৱে ১৬ টাকৈ স্বৰ্ণ অৰ্জনেৰে শ্ৰেষ্ঠ দল হিচাপে স্বীকৃতি পালে এই প্ৰতিযোগিতাত। বৰপেটাৰোডৰ দলটোৰ অন্যতম টাইকোৱাণডো খেলুৱৈ আছিল জামুগুৰিহাট একাডেমীৰ ছাত্র ধ্ৰুপদ কাশ্যপ। উত্তৰ প্ৰদেশত ধ্ৰুপদৰ উন্নত ক্ৰীড়া প্ৰৰ্দশন ।৪১ কিঃগ্ৰাঃ শাখাত অংশগ্ৰহণ কৰি স্বৰ্ণ লাভেৰে অসমলৈ গৌৰৱ।

মুকুল বৰা আৰু চন্দনা শৰ্মা বৰাৰ সুযোগ্য সন্তান এইগৰাকী ধ্ৰুপদ বহুমুখী প্ৰতিভাসম্পন্ন গুণৰ অধিকাৰী। চিত্রশিল্পতো পাকৈত এইগৰাকী উদীয়মান খেলুৱৈ। আঠ বছৰ বয়সৰ পৰাই টাইকোৱাণডোৰ লগত জড়িত ধ্ৰুপদ। অষ্টম শ্ৰেণীৰ পৰাই ধ্ৰুপদে কৌস্তভ বাৰুৱাতী, বিকিৰাজ বাৰুৱাতী আৰু তুৰভ হাজৰিকাৰ তত্বাৱধানত জামুগুৰিহাট টাইকোৱাণডো একাডেমীত গ্ৰহণ কৰিছে টাইকোৱাণ্ডুৰ আদিপাঠ।শেহতীয়াকৈ, কোকৰাঝাৰ ছাইৰ বাবে নিৰ্বাচিত হৈছে ধ্ৰুপদ। পুত্রৰ সাফল্যত এতিয়া উৎফুল্লিত পিতৃ মুকুল বৰা।

উল্লেখযোগ্য যে, ধ্ৰুপদৰ এয়া আছিল ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰথমখন প্ৰতিযোগিতা।প্ৰথমখন প্ৰতিযোগিতাতে ধ্ৰুপদে প্ৰদৰ্শন কৰিলে চমক।ইয়াৰ পূৰ্বে ২০১৭ আৰু ২০১৮ চনত তিনিচুকীয়া আৰু মৰাণত অনুষ্ঠিত ৰাজ্যিক টাইকোৱাণডোত লাভ কৰিছিল পদক।এইবাৰ কলকাতাত হ’ব ধ্ৰুপদৰ অগ্নিপৰীক্ষা। অহা ২৬, ২৭ আৰু ২৮ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব আন এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ টাইকোৱাণডো প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত স্বৰ্ণ অৰ্জন কৰিলেই ২০২২ ৰ খেলো-ইণ্ডিয়া যুৱ ক্ৰীড়াৰ বাছনি হোৱাৰ সম্ভাৱনা আছে ধ্ৰুপদৰ। এতিয়া জামুগুৰিহাটবাসী তথা অসমবাসীৰ আশা আগন্তুক খেলত ধ্ৰুপদে দাঙি ধৰক উন্নত প্ৰৰ্দশন। অসম তথা ভাৰতৰ ক্ৰীড়াৰ আকাশত ধ্ৰুপদ জিলিকি উঠক এটি ধ্ৰুৱতৰাৰ দৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *