Monday, October 3, 2022
HomeNewsক্ৰিকেট খেলি 'বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইন'(UAPA)ত অভিযুক্ত হ'ল ১০ গৰাকীকৈ ক্ৰিকেটাৰ

ক্ৰিকেট খেলি ‘বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইন'(UAPA)ত অভিযুক্ত হ’ল ১০ গৰাকীকৈ ক্ৰিকেটাৰ

অলিম্পিয়া প্ৰতিবেদন

ঘটনাটো জম্মু-কাশ্মীৰৰ। বৃহস্পতিবাৰে জম্মু কাশ্মীৰৰ পুলিচে ৰাজ্যখনৰ দহগৰাকীকৈ যুৱ ক্ৰিকেটাৰক ‘বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইন’ৰ অধীনত আটক কৰিছে।

উল্লেখযোগ্য যে এগৰাকী কাশ্মীৰী উগ্ৰপন্থী সেনাধক্ষৰ সোঁৱৰণত অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতাত ভাগ লৈছিল উক্ত যুৱ ক্ৰিকেটাৰকেইজনে।

সূত্ৰ অনুসৰি, ছয়ীদ ৰুবান নামৰ বিদ্ৰোহী গৰাকীৰ ভ্ৰাতৃৰ দ্বাৰা উক্ত ক্ৰিকেট প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছিল। ছয়ীদ ৰুবান ২০১৯ চনত ভাৰতীয় সেনাৰে হোৱা সংঘৰ্ষত নিহত হৈছিল।

উল্লেখযোগ্য যে এনেদৰে মৃত বিদ্ৰোহী নেতাৰ সোঁৱৰণ কৰাটো ‘বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইন’ত পৰে।

খেল অনুষ্ঠিত কৰাৰ লগতে আয়োজকে বিদ্ৰোহী নেতাগৰাকীৰ নাম সম্বলিত জাৰ্চিও ব্যক্তিৰ মাজত বিতৰণ কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments