Thursday, July 7, 2022
HomeNewsমেচখনত দ্বি-শতক অর্জন কৰিছিল কিন্তু তাৰ পিছৰ পৰা আৰু খেলাৰ সুযোগ নাপালে...

মেচখনত দ্বি-শতক অর্জন কৰিছিল কিন্তু তাৰ পিছৰ পৰা আৰু খেলাৰ সুযোগ নাপালে এইগৰাকী ক্ৰিকেটাৰে!!

অলিম্পিয়া বিশেষ লেখা

ধৰি লওঁক আপুনি কোনো এখন মেচত দ্বি-শতক অর্জন কৰিলে। তাৰ পিছত আপুনি কি আশা কৰিব? নিশ্চয় ভাবিব দলত এতিয়া আপোনাৰ স্থান সুনিশ্চিত। কিন্তু সেই দ্বি শতকেই যদি আপোনাৰ কেৰিয়াৰৰ শেষৰটো ৰান হয়, যদি দ্বি শতক অর্জন কৰাৰ পিছতো আপুনি পুনৰ খেলাৰ সুযোগ লাভ নকৰে, তেন্তে কেনেকুৱা লাগিব আপোনাৰ। প্ৰচণ্ড হতাশাই হয়তো চানি ধৰিব আপোনাক।

অষ্ট্ৰেলিয়াৰ এসময়ৰ দুৰ্ধষ বেগী বলাৰ জেচন গিলেস্পীৰ ক্ষেত্ৰতো ঘটিছিল অনুৰূপ ঘটনা। দলত মূলতঃ বলাৰৰ ভূমিকা পালন কৰা গিলেস্পীয়ে সেইদিনা বেটিং কৰাৰ সুবিধা লাভ কৰিছিল। সুবিধা মানে একেবাৰে সোণালী সুযোগ।

২০০৬ চনত বাংলাদেশৰ বিৰুদ্ধে দ্বিতীয় টেষ্ট মেচখনৰ সময়ৰ কথা সেয়া। দলে নৈশপ্ৰহৰীৰ ভূমিকা পালন কৰিবলৈ ক্ৰিজলৈ প্ৰেৰণ কৰিছিল গিলেস্পীক। গিলেস্পীয়েও দলক নিৰাশ কৰা নাছিল। ক্ৰিজত খোপনি পুতিছিল দীৰ্ঘসময় ধৰি। অপূৰ্ব বেটিঙেৰ সমাহাৰেৰে কৰি পেলাইছিল ২০১ ৰান। স্বাভাৱিকতেই আনন্দিত হৈছিল গিলেস্পীৰ লগতে অষ্ট্ৰেলিয়া দলটো। সংবাদ মাধ্যমেও প্ৰশংসাৰে উপচাই পেলাইছিল ক্ৰিকেটাৰগৰাকীক। কিন্তু কোনেনো জানিছিল যে সেইখনেই আছিল গিলেস্পীৰ অন্তিমখন মেচ।

সেই সময়ত গিলেস্পীয়ে বলিঙত দুৰ্বল ফৰ্মৰ সৈতে যুঁজি আছিল।গিলেস্পীৰ বলিঙৰ চুক কমি আহিছিল লাহে লাহে। দলৰ মেনেজমেণ্ট চিন্তাত পৰিছিল। দলত সুযোগ দিব পৰা ধৰণৰ বলিং প্ৰদৰ্শন কৰিব পৰা নাছিল তেওঁ। যদিও দ্বি শতক অর্জন কৰিছিল তথাপি দলে সেই ৰানক গুৰুত্ব দিয়া নাছিল।

দলৰ বাবে গুৰুত্বপূৰ্ণ কথাটো আছিল গিলেস্পীয়ে বলিঙত কেনে প্ৰদৰ্শন কৰিছে, বেটিঙত ভাল প্ৰদৰ্শন কৰাৰ কোনো মতলব নাছিল তেওঁলোকৰ বাবে। কিয়নো তেওঁ আছিল দলৰ এজন প্ৰধান বলাৰ। বলিঙত দেখুওৱা চৰম ব্যৰ্থতাৰ বাবে অৱশেষত দলৰ পৰা চিৰদিনৰ বাবে বাদ পৰিছিল এসময়ৰ এইগৰাকী সফল বলাৰ। সেই দ্বি-শতক অর্জন কৰা মেচ খনেই আছিল তেওঁৰ অন্তিমখন টেষ্ট। তাৰ পিছৰ পৰা আৰু কেতিয়াও সুযোগ পোৱা নাছিল তেওঁ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments