মই অৰ্জুন জয়ন্ত তালুকদাৰে কৈছোঁ

অলিম্পিয়া প্ৰতিবেদন

আজি পুৱাই অসমীয়া খবৰ কাকতত প্ৰকাশিত এটা লেখাই দৃষ্টি কাঢ়িলে। লেখাটোৰ শিৰোনাম, ‘ অৰ্জুন জয়ন্ত তালুকদাৰলৈ অসম চৰকাৰৰ চাকৰি!’। লেখাটো লিখিছে অসম অলিম্পিক সন্থাৰ সম্পাদক তথা ভাৰতীয় এথলেটিক ফেডাৰেচনৰ উপ-সভাপতি লক্ষ্য কোঁৱৰে ডাঙৰীয়াই। লেখাটোত কোৱা হৈছে অসম গৌৰৱ, অৰ্জুন তথা অলিম্পিয়ান জয়ন্ত তালুকদাৰে সাফল্যৰ চৰম শিখৰত উপনীত হোৱাৰ পিছতো কিদৰে ৰাজ্য চৰকাৰৰ চাকৰি অথবা অন্যান্য অৰ্থ সাহাৰ্যৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল। তেওঁ প্ৰথমেই তাৰ যুক্তি আগবঢ়াবলৈ গৈ কৈছে যে জয়ন্ত তালুকদাৰে জীৱনত কেতিয়াও অসমৰ হৈ প্ৰতিনিধিত্ব কৰা নাই। তাৰ পিছত তেওঁ উল্লেখ কৰিছে পূৰ্বৰ অসম আৰ্চাৰী সন্থা তথা অসম চৰকাৰে জয়ন্ত তালুকদাৰক আঁকোৱালি নোলোৱাৰ বাবেই আজি এই পৰিস্থিতিৰ উদ্ভৱ হৈছে। এইক্ষেত্ৰত তেওঁ অসম আৰ্চাৰী সন্থা তথা অসম চৰকাৰক জয়ন্ত তালুকদাৰক উপযুক্ত স্থানত সংস্থাপিত কৰিবলৈও আহ্বান জনাইছে। লক্ষ্য কোঁৱৰ ডাঙৰীয়াৰ এই লেখা তথা বিগত দিনকেইটাত অসমৰ তাৰকা আৰ্চাৰগৰাকীয়ে উপযুক্ত চৰকাৰী পৃষ্ঠপোষকতাৰ পৰা বঞ্চিত হোৱা বিষয়ে প্ৰকাশিত হৈ অহা বাতৰি সন্দৰ্ভত কিছু কথা জানিবলৈ আমি টেলিফোনিক বার্তালাপত মিলিত হৈছিলোঁ জয়ন্ত তালুকদাৰৰ সৈতে। এই সমগ্ৰ বিষয় সম্পৰ্কে অলিম্পিয়ান জয়ন্ত তালুকদাৰৰ মনৰ কথাখিনিকে সম্পাদিত ৰূপত আগবঢ়ালো

প্ৰশ্ন: শেহতীয়াকৈ অসমৰ সংবাদ মাধ্যমত আপোনাক লৈ বিশেষভাৱে চৰ্চা হৈছে। এছিয়ান গেমছ, কমনৱেলথ গেমছ, বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপকে আদি কৰি বিশ্বৰ আগশাৰীৰ প্ৰতিযোগিতাত পদক বুটলাৰ পিছতো আপোনাৰ নাম অসম চৰকাৰে কোনো চৰকাৰী চাকৰিৰ বাবে বিবেচনা নকৰিলে। এইক্ষেত্ৰত আপুনি কি ক’ব? চৰকাৰৰ প্ৰতি কি অনুৰোধ জনাব?

জয়ন্ত তালুকদাৰ: পূৰ্বতে চৰকাৰৰ কোনো ক্ৰীড়া নীতি নাছিল। তেতিয়াও মই চাকৰিৰ বাবে আৱেদন কৰিছিলোঁ। কিন্তু সেই সময়ত চাকৰি দিয়াৰ কথাটো অহাই নাছিল। এতিয়া পৰিস্থিতি সলনি হৈছে। সৌ সিদিনা অসম চৰকাৰে দুগৰাকীকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদ ক্ৰমে যমুনা বড়ো আৰু সঞ্জয় বড়োক চাকৰি প্ৰদান কৰিলে। তেনেকৈ চাবলৈ গ’লে মোৰ নামতো আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বহু পদক আছে। মই এছিয়ান গেমছত পদক জয় কৰিছোঁ। তাৰ বাহিৰেও কমনৱেলথ গেমছ, বিশ্বকাপ, ছাফ গেমছকে আদি কৰি প্ৰায় আটাইবোৰ বৃহৎ প্ৰতিযোগিতাতে দেশৰ হৈ পদক জয় কৰিছোঁ। এতিয়া যিহেতু চৰকাৰৰ এখন স্পষ্ট ক্ৰীড়া নীতি আছে, যাৰ অধীনত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত পদক কঢ়িয়াই অনাজনক উচ্চ পদত চাকৰি দিয়াকে আদি কৰি প্ৰয়োজনীয় সহযোগিতা আগবঢ়ায়। গতিকে এনে ক্ষেত্ৰত ময়ো আশা কৰো যাতে চৰকাৰে মোকো প্ৰাপ্য মৰ্যাদা প্ৰদান কৰে। ইতিমধ্যেই মই অসম চৰকাৰক মোৰ সফলতাৰ ওপৰত ভিত্তি কৰি চৰকাৰী চাকৰিৰ আগবঢ়োৱাৰ বাবে আবেদন কৰিছোঁ।

প্ৰশ্ন: বহুতেই ক’ব খোজে আপুনি আৰ্চাৰীত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা নাই। তেনেস্থলত কেনেকৈ আপুনি অসম চৰকাৰৰ পৰা সুবিধা লাভ কৰিব? আজি অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়াইও এটা লেখাত সেই প্ৰশ্নই উত্থাপন কৰিছে। এইক্ষেত্ৰত আপুনি কি ক’ব?

জয়ন্ত তালুকদাৰ: মোৰ সদায়েই এটা আশা আছিল অসমক প্ৰতিনিধিত্ব কৰাৰ। সকলোৰে নিজৰ ৰাজ্যখনৰ হৈ প্ৰতিনিধিত্ব কৰাৰ মন থাকে। কিন্তু মই কেনে পৰিস্থিতিত পৰি ঝাৰখণ্ডৰ হৈ প্ৰতিনিধিত্ব কৰিব লগাত পৰিল সেই কথা বুজি পোৱা দৰকাৰ। মই যিহেতু টাটাত কৰ্মৰত। সেয়ে কিছু বাধ্যবাধকতা আছিল। টাটাই মোক কেৱল ঝাৰখণ্ড আৰু টাটা ষ্টীল প্লান্টৰ হৈ খেলাৰহে অনুমতি দিছিল। তেওঁলোকে মোক অনুমতি দিয়াহেঁতেন নিশ্চয় মই অসমৰ হৈ খেলিলোঁহেঁতেন। কিন্তু মই অসমৰ হৈ খেলিম বুলি ক’লেও তেওঁলোকে মোক এন অ’ চিয়েই নিদিলেহেঁতেন। মই ২০০০ চনতে জামছেদপুৰৰ টাটা আৰ্চাৰী একাডেমীত যোগ দিছিলোঁ। ইয়াত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সুবিধা লাভ কৰাৰ বাবেই চাগে মই জীৱনত ইমানখিনি সফল হ’ব পাৰিলোঁ। সেই সময়ত এনে সা সুবিধা অসমত থকাহেঁতেন চাগে মই ইয়াত যোগ দিবলগীয়া পৰিস্থিতিয়েই নহ’লহেঁতেন। তাৰোপৰি মই সদায়েই নিজ দেশৰ হৈ খেলি আহিছোঁ। যেতিয়া বিদেশত মোৰ বাবেই প’ডিয়ামত নিজৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত বাজি উঠে, তাৰ সমান সুখৰ মুহূৰ্ত আৰু কতো নাই। দেশৰ হৈ গৌৰৱৰে প্ৰতিনিধিত্ব কৰোঁ যদিও অসমৰ কথাও মনত সদায়েই আছিল। সেয়ে বহু সময়ত মোৰ সমস্যাৰ বিষয়ে অসম চৰকাৰক অৱগত কৰি আহিছিলোঁ। সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱকো মই অনুৰোধ কৰিছিলো মোক চাকৰি এটাৰ ব্যৱস্থা কৰি দিবলৈ। কিন্তু শেষত মই একোৱেই পোৱা নাছিলোঁ। আৰু এই যে কোনোবাই ঝাৰখণ্ডৰ হৈ খেলিছে বুলিয়েই তেওঁ অসম চৰকাৰৰ সা -সুবিধা নাপাব ধৰণৰ কথাবোৰ ক্ৰীড়াসুলভ কথাই নহয়। এনে কথা ক্ৰীড়াক্ষেত্ৰৰ বাবে অতি লাজৰ কথা। তাৰ বিপৰীতে সংশ্লিষ্টপক্ষই ভাবিব লাগিছিল যে যে -হয়, ল’ৰাটো আমাৰ অসমৰে আছিল। আমি সুবিধা দিব নোৱাৰিলোঁ বাবে বাবেঝাৰখণ্ডৰ হৈ খেলিছে। কিন্তু তেওঁ সাফল্য কেৱল দেশৰ বাবেই নহয় অসমৰ বাবেও কঢ়িয়াইছে। ল’ৰাজনে ভৱিষ্যতে যাতে আমাৰ অসমৰ হৈ প্ৰতিযোগিতাত অংশ লয় তাৰেই এক ব্যৱস্থা গ্ৰহণ কৰোঁ। মনোভাৱ এইধৰণৰ হোৱাহে উচিত আছিল।

জয়ন্ত তালুকদাৰৰে হোৱা বার্তালাপত আমি শুনিবলৈ পালোঁ খেলুৱৈগৰাকীৰ মনত পুঁঞ্জিভূত হৈ থকা ক্ষোভ তথা বেদনাৰ কথা। কথাৰ মাজতে তেওঁ ক’লে, ” মোৰ সমস্যাটো হ’ল যে এফালে যেনেদৰে মই ঝাৰখণ্ডৰ হৈ খেলাৰ বাবে অসমৰ পৰা একো সুবিধা নাপালোঁ ঠিক সেইদৰে মোৰ জন্ম অসমত বাবে মই অসমৰ ল’ৰা বুলি ঝাৰখণ্ডৰ পৰাও একো সুবিধা নাপালোঁ।

সঁচাই, অসমৰ ক্ৰীড়া ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈগৰাকী আজি সকলো পক্ষৰ পৰাই উপেক্ষিত। ক্ৰীড়াবিদগৰাকীৰ প্ৰতি চৰকাৰে পুহি ৰখা এই উপেক্ষাৰ সোনকালেই অন্ত পৰক। আমাৰো সেয়াই আশা।

Leave a Reply

Your email address will not be published. Required fields are marked *