Sunday, October 2, 2022
HomeNewsএখন জাৰ্মান গাঁওত নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়ৰ আনন্দ উদযাপন

এখন জাৰ্মান গাঁওত নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়ৰ আনন্দ উদযাপন

অলিম্পিয়া প্ৰতিবেদন

শিষ্যৰ সাফল্যত গৌৰৱান্বিত নীৰজ চোপ্ৰাৰ দুগৰাকী জাৰ্মান প্ৰশিক্ষক ক্ৰমে ড. ক্লজ বাৰ্ট’নিয়েটজ আৰু ইয়’ হন। টকিঅ’ অলিম্পিকৰ সফল সামৰণিৰ পাছত গৃহ অভিমুখে ৰাওনা দুই প্ৰশিক্ষক।
নীৰজ চোপ্ৰাৰ জাৰ্মান প্ৰশিক্ষক ৭৩ বছৰীয়া ড. ক্লজ বাৰ্ট’নিয়েটজ নিজৰ দেশত উপস্থিত হয় ডেৰ বছৰৰ পাছত। এইগৰাকী প্ৰশিক্ষকৰ ঘৰ আছিল দক্ষিণ-পশ্চিম জাৰ্মানৰ অ’বাৰক্লেটেনবাক নামৰ এখন ভিতৰুৱা গাঁৱত।নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰাৰ পাছতেই প্ৰশিক্ষকৰ গাঁওখনো বিখ্যাত হৈ পৰিল। নীৰজ চোপ্ৰাৰ এই সাফল্যৰ পাছতেই দুয়োজন প্ৰশিক্ষক বহুতৰে বাবে আৰ্দশ হৈ পৰিল।
নীৰজ চোপ্ৰাৰ স্বৰ্ণ পদক লাভৰ পাছতেই ভাৰতৰ দৰে জাৰ্মানৰ গাঁওখনেও উদযাপন কৰিছিল প্ৰাপ্তিৰ আনন্দ।
উল্লেখযোগ্য যে নীৰজৰ এই বিৰল সাফল্যক লৈ জাৰ্মান গুৰু ক্লজ বাৰ্ট’নিয়েটজো যথেষ্ট সুখী। স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ চৌদিশে যেতিয়া নিৰাপত্তা বেষ্টনী দেখিছিল, প্ৰক্ষিক্ষকজন আনন্দত আত্মহাৰা হৈছিল। নীৰজ চোপ্ৰাক জেভলীনৰ পৃথিৱীত সুনিপুণ ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত ড. ক্লজৰ অৱদান উল্লেখযোগ্য।
আনহাতে নীৰজ চোপ্ৰাৰ জেভলীনৰ মুখ্য প্ৰশিক্ষক ইয়’ হন নিজ গৃহ ৰেইনছবাৰ্গত গৈ উপস্থিত হয়। দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত হনে পৰিয়াল তথা বন্ধুবৰ্গক লগ কৰাৰ সুবিধা পাইছিল। ঘৰৰ লোকৰ সৈতে প্ৰায়ে কথা পাতিছে টকিঅ’ অলিম্পিকৰ বিষয়ে। কেনেকৈ এখন দেশৰ বাবে অলিম্পিকৰ পদকে দেশক গৌৰম্বিত কৰিব পাৰে তাক লৈয়ো আলোচনা কৰিছে প্ৰশিক্ষকজনে।
হন চচিয়েল মেডিয়াতো জনসমাদৃত। নীৰজ চোপ্ৰাৰ স্বৰ্ণ পদক লাভৰ পাছতেই এইগৰাকী প্ৰশিক্ষকো বিশ্ব ক্ৰীড়াপ্ৰেমীৰ মাজত চৰ্চিত হৈছে। হনে স্ব-ভূমিৰ পৰাই কয় যে, গল্ডেন বয় নীৰজ চোপ্ৰাৰ সাফল্যৰ বাবে উদযাপন কৰাৰ এয়ে উপযুক্ত সময়। তেওঁৰ আশা, নীৰজৰ এই সাফল্যই কেৱল জেভলীনতে নহয়, সকলো ধৰণৰ খেলতে এক ইতিবাচক প্ৰভাৱ পেলাব l

ক্ৰীড়াংগন এক শান্তিৰ প্ৰাংগন। যি সময়ত ভাৰতে নীৰজ চোপ্ৰাৰ সাফল্যৰ বাবে আনন্দ কৰিছিল, সেই সময়তে জাৰ্মানীৰ এই সৰু গাঁওখনৰ এনে অনুভৱক লৈ বিশ্বজুৰি চৰ্চিত হৈছে। দেশ ভিন্ন হ’লেও ক্ৰীড়াবিদৰ প্ৰতি প্ৰশিক্ষকসকলৰ এনে অনুভূতিয়ে বহু কথাই ভবাই তোলে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments