Friday, September 30, 2022
HomeNews১০ নম্বৰ জাৰ্ছীৰ মোহ: ক্ৰীড়াবিশ্বত ১০ নম্বৰ জাৰ্ছীৰ মহিমা

১০ নম্বৰ জাৰ্ছীৰ মোহ: ক্ৰীড়াবিশ্বত ১০ নম্বৰ জাৰ্ছীৰ মহিমা

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ যুগললোচন দাস

বিশ্বকাপ ফুটবলেই হওঁক বা অন্য ক্লাব ফুটবলেই হওঁক, দল বা ক্লাববোৰৰ প্ৰধান তাৰকা খেলুৱৈ সকলে পৰিধান কৰা জাৰ্ছীৰ নম্বৰটো ১০ হোৱা দেখা যায়। এইটো নতুন কথা নহয়। বহু আগৰ পৰাই দলৰ অধিনায়ক বা জনপ্ৰিয় তাৰকাজনে ১০ নম্বৰ জাৰ্ছীটো পৰিধান কৰি খেলি আহিছে। এই ১০ নম্বৰ জাৰ্ছীটোৰ প্ৰতি যেন মোহ, নে কোনো অন্ধবিশ্বাস— সেই কথা কোনেও সঠিক ভাবে ক’ব নোৱাৰে। কিন্তু ১০ নম্বৰ জাৰ্ছীটো তেওঁলোকৰ বাবে যেন ভাগ্যশালী, সেইটো এক বিশ্বাসত পৰিণত হৈছে।

বিখ্যাত বিখ্যাত ফুটবল তাৰকাসকলে পিন্ধ ১০ নম্বৰ জাৰ্ছীৰ প্ৰতি অনুৰাগীৰ মোহ আছে। একোজন জনপ্ৰিয় বিখ্যাত ফুটবলাৰৰ ১০ নম্বৰ জাৰ্ছী কোটি কোটি টকাত নিলামত ক্ৰয় কৰিবলৈ কুণ্ঠাবোধ নকৰে। ২০০২ চনৰ মাৰ্চ মাহৰ কথা। লণ্ডনৰ এটা বিখ্যাত নিলাম সংস্থাই বিশ্ব ফুটবলৰ জীৱন্ত কিম্বদন্তী তথা ব্ৰাজিলৰ ক’লা মুকুতা পেলেৰ এটা ১০ নম্বৰ জাৰ্ছী নিলাম কৰিছিল। নিলাম কোম্পানীটোৰ নিলামত খুব বেছি দাম উঠিব ৪০ ৰ পৰা ৭০ হেজাৰ ডলাৰ। কিন্তু নিলামত জাৰ্ছীটো বিক্ৰী হ’ল ৰ কোটি ১২ লাখ ৩০ হেজাৰ টকাত। কথাটো অবিশ্বাস্য যেন লাগিলেও সঁচা। এই পৰ্যন্ত ফুটবল জাৰ্ছীৰ নিলামত এইটোৱেই সৰ্বাধিক দামত বিক্ৰী হোৱা ১০ নম্বৰ জাৰ্ছী। পেলেৰ এই ১০ নম্বৰ জাৰ্ছীটোৱে ইমান বেছি মূল্য লাভ কৰাৰ মূলতে হ’ল ১৯৭০ চনৰ মেক্সিকো বিশ্বকাপ ফুটবলৰ ফাইনেলত এই ১০ নম্বৰ জাৰ্ছীটো পৰিধান কৰি তেওঁ খেলিছিল। পেলেৰ এই জাৰ্ছীটোৱে নিলামৰ ক্ষেত্ৰত এক নতুন অভিলেখ গঢ়িছিল। তাৰ আগতে অভিলেখ আছিল ইংলেণ্ডৰ বিশ্বকাপ চেম্পিয়ন দলৰ ষ্ট্ৰাইকাৰ জিঅ’ফ হাৰ্ষ্টৰ। তেওঁ ১০ নং জাৰ্ছীটো বিক্ৰী হৈছিল ১ লাখ ২৮ হেজাৰ ৪৫০ ডলাৰত। বিশেষজ্ঞসকলৰ মতে জাৰ্ছীটোৰ নম্বৰ ১০ হোৱাৰ বাবেই গ্ৰাহকে ইমান মূল্য দি ক্ৰয় কৰিছে। প্ৰকৃততে বিশ্বকাপ ফুটবলত ১০ নং জাৰ্ছীক কেন্দ্ৰ কৰি এক ‘ৰূপকথা’ বা ‘মিথ’ সৃষ্টি হৈ গৈছে। পেলেৰ পৰা জিনেডাইন জিদান তথা ফেৰেংকে পুছবাছৰ পৰা ডিয়েগো মাৰডোনা, লিয়’নেল মেছি আৰু নেইমাৰ -বিশ্বকাপত এই বিখ্যাত তাৰকাসকলে পৰিধান কৰা জাৰ্ছীটোৰ নম্বৰেই হ’ল ১০। পেলেই কেৰিয়াৰৰ অন্তিম খেল পৰ্যন্ত ১০ নম্বৰ জাৰ্ছী পিন্ধিয়েই খেলিছিল। জীৱনৰ অন্তিম মেচ বছমছ ক্লাৱৰ হৈ ছাণ্টোছৰ বিৰুদ্ধে খেলিছিল পেলেই। তেতিয়াও পেলেৰ পিঠিত জিলিকি আছিল ১০ নম্বৰটো।

১৯৫৪ চনত হাংগেৰীৰ ফেৰেংকে পুছকাছ বিখ্যাত হৈ পৰিছিল ১০ নম্বৰ জাৰ্ছী পৰিধান কৰি। ১৯৬৬ চনৰ ইংলেণ্ড বিশ্বকাপৰ নায়ক জিঅ’ক হাষ্টে ১০ নম্বৰ জাৰ্ছী পৰিধান কৰি খেলিয়েই ইতিহাস ৰচনা কৰিছিল। ১৯৭৮ চনৰ বিশ্বকাপত চেম্পিয়ন আৰ্জেণ্টিনাৰ মূূল অস্ত্ৰ মাৰিঅ’ কেম্পেছৰো দেহত আছিল ১০ নম্বৰ জাৰ্ছীটো। মাৰাডোনাৰ কথা নকলেও হ’ব। ১৯৮৬ চনৰ বিখ্যাত মেক্সিকো বিশ্বকাপৰ উজ্জ্বল তাৰকা মাৰাডোনাৰ দেহত জিলিকিছিল ১০ নম্বৰ নীলা বগা আঁচটনা জাৰ্ছীটো। সেইবাৰ তেওঁ অকলেই চমকপ্ৰদ প্ৰদৰ্শন কৰি আৰ্জেণ্টিনাক বিশ্ব চেম্পিয়ন কৰিছিল। পৰ্তুগালৰ বিখ্যাত তাৰকা ফুটবলাৰ ইউছেবিঅ’ বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ। তেওঁ পৰিধান কৰিছিল ১০ নম্বৰ জাৰ্ছীটো।

ক্ৰমাত ১০ নম্বৰ জাৰ্ছীৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাত এই জাৰ্ছী পৰিধান কৰিছিল বিশ্বৰ বিভিন্ন দেশত ফুটবল তাৰকা হলেণ্ডৰ ৰুড গুলিট, স্পেইনৰ আলেকজাবেৰ, ইংলেণ্ডৰ গেৰী লিনেকাৰ, গেৰী লিনেবাৰ, মাইকেল ওৱেন, ইটালীৰ ৰ’বাটো বাজিঅ’, উৰুণ্ডৱেৰ ফ্ৰান্সেচক’লি, কলম্বিয়াৰ কাৰ্লোছ ভালদেৰৰখা, ৰোমাৰিঅ’ এাজলোভিছ, ফ্ৰান্সৰ জিনেদাইন জিদানে। এতিয়া মেছি, নেইমাৰ আদিৰ দেহতো দেখা গৈছে ১০ নম্বৰ জাৰ্ছী। ফ্ৰান্স বিশ্বকাপৰ ফাইনেলৰ আগতে এটাও গ’ল দি নোৱাৰা জিদানে ফাইনেলত ব্ৰাজিলৰ বিৰুদ্ধে দুটাকৈ গ’ল দি অকলেই ফ্ৰান্সক জয়ী কৰিছিল। পৰিধান কৰিছিল ১০নম্বৰ জাৰ্ছীটো।

বিশ্বকাপত ১০ নম্বৰৰ জাৰ্ছীৰ আছে সুকীয়া স্থান আৰু মৰ্যদা। ব্ৰাজিলত ৰিভাল্ডো, ইংলেণ্ডৰ ডেভিড বেকহাম, আৰ্জেণ্টিনাৰ এৰিয়েল অৰ্টেগা, পৰ্টুগালৰ লুইছ ফিগো, ক্ৰৱেচিয়াৰ ডেঙৰ চুকেৰ, ইটালীৰ, তাউল, জাৰ্মানীৰ মিৰ’শ্লাভ ক্ল’জ আদি জনপ্ৰিয় ফুটবলাৰসকলে ১০ নম্বৰ জাৰ্ছী পৰিধান কৰি নেখেলিলে ফুটবলৰ মজাই যেন নাথাকে। পৰ্তুগালৰ তাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ দেহত কিন্তু নাই ১০ নম্বৰ জাৰ্ছী। তেওঁ পিন্ধে ৭ নম্বৰ জাৰ্ছী। এইক্ষেত্ৰত ৰ’নাল্ডো ব্যতিক্ৰম।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments