Monday, October 3, 2022
HomeNewsধৰ্ষিতা জেছমিন হ'ল লেভেল থ্ৰী ফিটনেছ ট্ৰেইনাৰ

ধৰ্ষিতা জেছমিন হ’ল লেভেল থ্ৰী ফিটনেছ ট্ৰেইনাৰ

ইচ্ছাৰ বিৰুদ্ধে গৈ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলেই হয় ধৰ্ষণ। লাগে সেয়া স্বামী-স্ত্ৰীয়েই হওক। এনেদৰে ধৰ্ষণ হোৱা নাৰীৰ সংখ্যা সমাজত অজশ্ৰ-অসংখ্য।এই দৰে ধৰ্ষিত হোৱা নাৰীয়ে কেতিয়াও ন্যায় বিচাৰি নাযায়। মৌন হৈ সহ্য কৰিযায় সকলো। নিজৰ ভৱিষ্যতৰ, পৰিয়ালৰ, সংসাৰৰ কথা চিন্তা কৰিয়েই মৌন হৈ সহি থাকে সকলো।প্ৰতিবাদ কৰিবলৈও তেওঁলোকে হেৰুৱাই নিজৰ সাহস। কিন্তু অলপ সাহস কৰিলেই এইদৰে ধৰ্ষণ হোৱা মহিলায়ো লাভ কৰিব পাৰে ন্যায়। তাৰেই উদাহৰণ লিখিবলৈ লোৱা এইগৰাকী লেভেল থ্ৰী ফিটনেছ ট্ৰেইনাৰ।

মাত্ৰ ১৭ বছৰ বয়সতে ঘৰৰ পৰিয়ালে এগৰাকী ব্যক্তিলৈ বিয়া দিছিল জেছমিন ম’ছা নামৰ কেৰেলাৰ অতি ভিতৰুৱা অঞ্চলৰ ছোৱালীজনীক। জেছমিনে বিয়াৰ দিনাহে প্ৰথমবাৰৰ বাবে দেখি পাইছিল ঘৰৰ পিৰায়ালে নিৰ্ধাৰণ কৰি দিয়া তেওঁৰ জীৱন সংগীজনক।

প্ৰাপ্ত বয়স্ক হোৱাৰ আগতেই জেছমিনৰ জীৱনলৈ নামি আহিছিল ধুমুহা। বিয়াৰ প্ৰথমটো দিনতেই জেছমিনক ধৰ্ষণ কৰছিল তেওঁৰ স্বামীয়ে।ইচ্ছাৰ বিৰুদ্ধে গৈ শাৰীৰিক সম্পৰ্ক স্থাপন কৰা কাৰ্যক জেছমিনে ধৰ্ষন বুলিয়েই ভাৱে।

প্ৰতিটো নিশা ধৰ্ষন হৈছিল জেছমিনৰ। এইদৰেই গৰ্ভৱতী হৈছিল জেছমিন। প্ৰতি নিশা জেছমিনৰ ওপৰত কৰা শাৰীৰিক নিৰ্যাতনৰ বাবেই এদিন জেছমিনৰ গৰ্ভত থিতাপি লোৱা সন্তানটোকো হত্যা কৰিছিল তেওঁৰ স্বামীয়ে।

মৃত্যুৰ মুখৰ পৰা বাছি আহি জেছমিন সাহসি হৈ পৰিল। ঘৰৰ পিৰয়ালৰ সহযোগত স্বামীৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ গোচৰ তৰিলে। যাৰ বাবে কাৰাৰুদ্ধ হ’ল তেওঁৰ স্বামী। স্বামীক ত্যাগ কৰি মাকৰ ঘৰলৈ গুছি আহিল জেছমিন।

ইয়াৰ পিছতো জেছমিনৰ জীৱনলৈ শান্তি নাহিল। এইবাৰ মাকৰ গাঁৱত মাত্ৰ ১৮ বছৰীয়া জেছমিনৰ ওপৰত হ’ল নানান মানসিক নিৰ্যাতন। যাৰ বাবে গাঁও এৰি জেছমিন গাঁৱৰ পৰাও আতৰি আহিব লগীয়া হ’ল।

গাঁৱৰ পৰা কেৰেলাৰ কোচি চহৰলৈ গুছি আহিল জেছমিন। কোচিৰ এক ফিটনেছ চেণ্টাৰত যোগদান কৰিলে জেছমিনে। ইয়াতেই জেছমিনে লাভ কৰিলে এক নতুন জীৱন। ফিটনেছ ট্ৰেইনিং চেণ্টাৰটোৰ মানুহখিনিয়ে প্ৰেৰণা দিলে জেছমিনক। ইয়াতেই জেছমিন এগৰাকী লেভেল থ্ৰীৰ ট্ৰেইনাৰ হিচাপে পৰিচিত হৈ পৰিল।

“ট্ৰেইনিং চেণ্টাৰটোত যোগদান কৰাৰ পৰাই মই নিজক মানসিক আৰু শাৰীৰিকভাৱে গঢ়ি তুলিবলৈ আৰম্ভ কৰিলো। ফিটনেছ প্ৰতিষ্ঠানটোৰ মানুহখিনিয়ে মোৰ মনোবল বৃদ্ধি কৰাৰ লগতে জীয়াই থকাৰ অনুপ্ৰেৰণা দিলে। আৰু এইদৰে তেওঁলোকৰ সহায়ত মই নিজকে গঢ়ি তুলিলো।” — এইদৰে কয় জেছমিন ম’ছাই।

এইদৰে এগৰাকী ধৰ্ষিতাই সংগ্ৰামৰ মাজেৰে আহি লেভেল থ্ৰীৰ ফিটনেছ ট্ৰেইনাৰ ৰূপে নিজকে প্ৰতিষ্ঠা কৰিছে।

জেছমিন ম’ছ এতিয়া জীৱনক লৈ সুখী। জেছমিনে সংবাদ মাধ্যমৰ আগত কয়–“এতিয়া মোৰ এটা চাকৰি আছে, মোৰ এটা পৰিচয় আছে। মোক ভাল পোৱা মানুহে মোক সদায় আগুৰি আছে। মই তেতিয়া ভাবিছিলো মই আৰু জীয়াই নাথাকিম।কিন্তু মই সিদ্ধান্ত লৈছিলো যে মোৰ জীৱনটো মোৰ দৰে সজাব খুজো আৰু মোৰ দৰে জীয়াই থাকিব বিচাৰো।জীৱনৰ প্ৰতি গঢ়ি উঠা এই দৃষ্টিভংগীয়ে মোক সলনি কৰি আজিৰ জীৱনটোক দিছে।”

জেছমিন ম’ছা আজি এটা চিনাকী নাম। এগৰাকী ধৰ্ষিতাৰ পৰা লেভেল থ্ৰীৰ ট্ৰেইনাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা জেছমিনৰ শেহতীয়া ফটোবোৰে এতিয়া চচিয়েল মিডিয়াত তোলপাৰ লগাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments