Friday, September 30, 2022
HomeNewsজীৱন চিলানৈ মহোৎসৱত বীচ ফুটবল, ভলীবল আৰু বাস্কেটবলৰ প্ৰতিযোগিতা

জীৱন চিলানৈ মহোৎসৱত বীচ ফুটবল, ভলীবল আৰু বাস্কেটবলৰ প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন

মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত উৰিছে ৰঙীন চিলা । সজাই পৰাই তোলা হৈছে অসমৰ আবেগ লুইতৰ পাৰ । লোকে লোকাৰণ্য “জীৱন চিলা নৈ মহোৎসৱ”ৰ বাকৰি । মহাবাহুৰ বালিচৰত ফুটবল খেলিছে খেলুৱৈয়ে ।

গুৱাহাটীৰ লাচিত ঘাটত অনন্য পৰিবেশ । নৈৰ পাৰৰ সজাগতা আৰু পৰিস্কাৰৰ বাৰ্তা লৈ শনিবাৰৰ পৰা আৰম্ভ হ’ল পাঁচদিনীয়া জীৱন চিলা নৈ মহোৎসৱ । ভাৰাক্ৰান্ত জীৱনৰ পৰা আঁতৰি নৈৰ বালিচৰলৈ আহিছে অগণন ৰাইজ । কাৰোবাৰ হাতত চিলা । নৈৰ পাৰৰ বতাহত চিলা উৰুৱাই আনন্দ উপভোগ কৰিছে বিভিন্ন জনে।

বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, ভিন্নস্বাদী খাদ্য সম্ভাৰে ৰোমাঞ্চিত কৰিছে উপস্থিত ৰাইজক ।
ইয়াৰ মাজত চিলা নৈ মহোৎসৱত এক নতুন সংযোজন । এঘাৰ বৰ্ষত ভৰি দিয়া এই মহোৎসৱৰ প্ৰাঙ্গনত সন্নিৱিষ্ট হৈছে বালিচৰৰ ফুটবল ( বীচ ফুটবল), ভলীবল আৰু বাস্কেটবল। সুন্দৰ ৰূপত সজাই তোলা হৈছে খেলৰ মৈদান

প্ৰদ্যুম্ন গোস্বামীৰ বহুদিনীয়া সপোনে এক সফল ৰূপ পালে । বালিচৰতো যে ফুটবল খেলিব পাৰি তাৰেই এক বাৰ্তা দিলে প্ৰদ্যুম্নই ।গুৱাহাটীত ফুটবল খেলপথাৰৰ অভাৱৰ মাজতে চিলা নৈ মহোৎসৱত বালিচৰতে নিমাৰ্ণ কৰা হৈছে ফুটবলৰ মৈদান । শনিবাৰে ব্ৰক্ষপুত্রৰ বালিচৰত এনেদৰে ফুটবল খেলিছে দলসমূহে । খেলুৱৈৰ হৰ্ষ উল্লাসত মুখৰিত লুইতৰ পাৰ ।

উল্লেখযোগ্য যে, ১৬ টা দলে অংশ লৈছে এই বীচ ফুটবল প্ৰতিযোগিতাত ।
বাকী ফুটবল খেলতকৈ কিছু পৃথক এই প্ৰতিযোগিতাৰ নীতি-নিয়ম । মুঠ ২১ মিনিটত প্ৰতি ৭ মিনিটৰ মূৰে মূৰে ৩ বাৰকৈ জিৰণিৰ সময় প্ৰদান কৰা হয় ।

এইদৰেই এতিয়া ৰাইজে চিলা উৰুৱা মাদকতা লোৱাৰ উপৰি চিলা নৈ মহোৎসৱত আমেজ লৈছে বালিচৰত অনুষ্ঠিত ফুটবল, ভলীবল আৰু বাস্কেটবলৰ ।

জীৱন নামৰ এক স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত অনুষ্ঠিত হৈ আহিছে এই মহোৎসৱৰ ।চিলাক এক উজুহাত হিচাপে লৈ নগৰাঞ্চলৰ নৈসমূহৰ পৰিস্কাৰৰ বাৰ্তা প্ৰেৰণ কৰি নৈৰ পাৰত সৃষ্টিশীল কাম কৰাই জীৱন চিলানৈ মহোৎসৱৰ মূল লক্ষ্য । নৈৰ পাৰত নাথাকিব দুগন্ধ, অজৈৱিক পদাৰ্থ । এই মহান উদ্দেশ্যৰ কথা ব্যক্ত কৰিলে জীৱনৰ আয়োজক সুৰেশ ৰঞ্জন গদুকাই ।

জীৱন চিলা নৈ মহোৎসৱত ভলীবল, ফুটবল, বাস্কেটবল আদি খেল নৈৰ বালিচৰত জীপাল হোৱাৰ বাবে ক্ৰীড়াজগতলৈ কঢ়িয়াই আনিছে অন্য এক আশাৰ বাৰ্তা । ক্ৰীড়া অনুৰাগীৰ আশা — নৈৰ সজাগতা ৰাইজৰ মাজত বৃদ্ধি পাওক । লগতে প্ৰসাৰ হওক বালিচৰৰ ক্ৰীড়া ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments