অলিম্পিয়া প্ৰতিবেদন
আকৌ অসম সাঁতোৰত আহিব সুদিন । যোৰহাটৰ সাঁতোৰ খেলুৱৈৰ বাবে আছে এক ভাল খবৰ । অহা মাৰ্চ মাহৰ পৰা যোৰহাট ছুইমিং ছচাইটিৰ উদ্যোগত আৰম্ভ হ’ব সাঁতোৰ প্ৰশিক্ষণ ।
“সাঁতোৰ শিকক, সু-স্বাস্থ্যৰ অধিকাৰী হওঁক “– এই উদ্দেশ্য সৰোগত কৰি যোৰহাট ছুইমিং ছচাইটিৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামৰ একুৱাটিক কমপ্লেক্সত প্ৰতিবছৰে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে খেলুৱৈসকলক । এই একুৱাটিক কমপ্লেক্সত তিনিটাকৈ আছে ছুইমিং পুল । ইয়াৰে ৫০ মিটাৰৰ এটা, ২৫ মিটাৰৰ ১ টা আৰু শিশুসকলৰ বাবে আছে এটা টডলাৰ পুল । যোৰহাটৰ জিলাৰ বিভিন্ন অঞ্চলৰ লগতে ওচৰৰ জিলাৰ শিশু, কিশোৰ-কিশোৰী, যুৱক-যুৱতী তথা প্ৰাপ্তবয়স্ক আদি সকলো বয়সৰ লোকৰ বাবে ইয়াত আছে সু-ব্যৱস্থা । পিছে যোৱা ২ টাকৈ বছৰে কভিড কালীন পৰিস্থিতিৰ বাবে বন্ধ হৈ পৰিছিল এই প্ৰশিক্ষণ । ২০২২ বৰ্ষৰ আৰম্ভণিতে আহিছে এক আশা ব্যঞ্জক খবৰ । চলিত বৰ্ষৰ মাৰ্চৰ পৰা পুনৰ এই প্ৰশিক্ষণ আৰম্ভ কৰাৰ কথা সিদ্ধান্ত লৈছে যোৰহাট ছুইমিং ছচাইটিয়ে । প্ৰশিক্ষণ গ্ৰহণৰ বাবে ইচ্ছুকসকলক ছচাইটিৰ কাৰ্যালয়ৰ পৰা বিয়লি ২ বজাৰ পৰা ৬ বজাৰ ভিতৰত প্ৰশিক্ষণৰ আবেদন প্ৰ-পত্ৰ সংগ্ৰহৰ বাবে অনুৰোধ জনাইছে যোৰহাট ছুইমিং ছচাইটিৰ সাধাৰণ সম্পাদক প্ৰণৱ বৰঠাকুৰে ।
উল্লেখযোগ্য যে, ১৯৮৭ চনতে স্থাপিত এই ছুইমিং পুলৰ পৰাই বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত শতাধিক খেলুৱৈয়ে পদক লাভেৰে ইতিমধ্যে উজলি উঠিছে । শেহতীয়াকৈ ২০২১ বৰ্ষৰ অক্টোবৰত বেংগালুৰুত অনুষ্ঠিত ছাব-জুনিয়ৰ নেচনেল একুৱাটিক চেম্পিয়নশ্বিপত এই ছুইমিং পুলৰ পৰাই খেলুৱৈয়ে অৰ্জন কৰিছিল ৩টাকৈ পদক ।
যোৰহাট ষ্টেডিয়ামৰ একুৱাটিক কমপ্লেক্সত ৫ গৰাকী অভিজ্ঞ প্ৰশিক্ষকে প্ৰদান কৰি গৈছে প্ৰশিক্ষণ । সাঁতোৰ প্ৰশিক্ষণৰ দায়িত্বত আছে – কল্যাণ কিশোৰ কাশ্যপ, হৰেকৃষ্ণ গগৈ, প্ৰশান্ত হাজৰিকা, চীমন পল, লুতু পল ।
দীৰ্ঘ দিনৰ বিৰতিৰ পাছত এনে খবৰে উৎফুল্লিত কৰিছে যোৰহাটৰ সাঁতোৰ খেলুৱৈসকলক । ক্ৰীড়া অনুৰাগীয়ে আশা কৰিব– কঠোৰ অনুশীলনৰে পুনৰ উজলি উঠক যোৰহাটৰ সাঁতোৰবিদসকল । পদক অৰ্জনৰে গৌৰৱান্বিত কৰক যোৰহাটৰ লগতে সমগ্ৰ অসমবাসীক।