Wednesday, October 5, 2022
HomeNewsগুৱাহাটীত অনুষ্ঠিত হ'ব বিশ্বকাপ হকী!

গুৱাহাটীত অনুষ্ঠিত হ’ব বিশ্বকাপ হকী!

olympiasports.in

২০২১ চনত গুৱাহাটীত অনুষ্ঠিত হ’ব দুখনকৈ মেগা ইভেণ্ট। ইতিমধ্যে ২০২১ চনত গুৱাহাটীত মহিলাৰ অনূৰ্ধ্ব ১৭ ফিফা বিশ্ব কাপ অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে। ইয়াৰ উপৰিও আগন্তুক বৰ্ষটোত ফিফা বিশ্বকাপক বাদ দি আন এখন বৃহৎ প্ৰতিযোগিতাও অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সকলো ঠিকে থাকিলে এইবাৰ গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব জুনিয়ৰ হকী বিশ্বকাপ প্ৰতিযোগিতা।

২০২১ চনত এই মেগা ইভেণ্টখন অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰিছে ভাৰতে। আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচন তথা ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি নাৰিন্দৰ বাট্ৰায়ে এই মেগা ইভেণ্টখন গুৱাহাটীতে অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে।

“পৰবৰ্তী জুনিয়ৰ হকী বিশ্বকাপৰ বাবে গুৱাহাটী সুন্দৰ ভেন্যু। যদি ৰাজ্য চৰকাৰে সমৰ্থন কৰে তেনে প্ৰতিযোগিতাখন গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ আবন্তন দিব পাৰি।”__ এই মন্তব্য কৰিছে আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচনৰ সভাপতি তথা ভাৰতীয় অলিম্পিক সন্থাৰো সভাপতি নৰিন্দৰ বাট্রায়ে। দেশত চলি থকা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাতে অসম অলিম্পিক সংস্থাৰ লগত ভিডিঅ’ কন্ফাৰেঞ্চিঙৰ জড়িয়তে হোৱা এক আলোচনাত বাট্ৰায়ে এই পোষকতা কৰে‌।

বাট্ৰায়ে গুৱাহাটীত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ পিছতে অসম অলগম্পিক সন্থাৰ ট্ৰেজাৰাৰ তথা অসম হকীৰ সম্পাদক তপন দাসে বাট্ৰাৰ এই কথাক আদৰণি জনাই এই প্ৰসংগত কয় যে, নৰিন্দৰ বাট্ৰায়ে প্ৰতীযোগিতাখন গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ আবন্তন দিবলৈ আগ্ৰহী, এই ক্ষেত্ৰত তেওঁ অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ আৰু অন্যান্য সকলৰ আগত আলোচনাৰ কালছোৱাত অৱগত কৰিছে। যদি প্ৰতিযোগিতাখন গুৱাহাটীত হয় তেনে নিশ্চয়কৈ অসম হকীৰ বাবে এইয়া শুভ বাৰ্তা।

ইয়াৰ উপৰিও তপন দাসে কয় যে, বৰ্তমানৰ যি জটিল পৰিস্থিতি এই পৰিস্থিতি কিছু উন্নত হ’লেই সভাপতি বাট্ৰায়ে গুৱাহাটী ভ্ৰমণ কৰিব। তেতিয়াই তেওঁ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বিষয়টো আলোচনা কৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments