Sunday, October 2, 2022
HomeNewsজুনিয়ৰ হকীৰ ৰাষ্ট্ৰীয় শিবিৰলৈ আমন্ত্ৰিত অসমৰ খেলুৱৈ প্ৰসেনজিৎ

জুনিয়ৰ হকীৰ ৰাষ্ট্ৰীয় শিবিৰলৈ আমন্ত্ৰিত অসমৰ খেলুৱৈ প্ৰসেনজিৎ

অলিম্পিয়া প্ৰতিবেদন

অসমৰ জুনিয়ৰ হকী খেলুৱৈ প্রসেনজিৎ দেৱক জুনিয়ৰ ৰাষ্ট্ৰীয় শিবিৰলৈ আমন্ত্ৰণ জনোৱা হৈছে । এই কথা জনাইছে অসম হকী সন্থাৰ সম্পাদক তপন দাসে । পোনপটীয়াকৈ ৰাষ্ট্ৰীয় শিবিৰলৈ আমন্ত্ৰণ লাভ কৰা প্ৰসেনজিতেই প্ৰথমগৰাকী অসমৰ পুৰুষ হকী খেলুৱৈ বুলি উৎফুল্লিত দাসে মন্তব্য কৰে । এই শিবিৰটো অহা ১৪ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ ছাইৰ বেংগালুৰুত থকা নেছনেল চেণ্টাৰ অৱ এক্সিলেন্সত জুনিয়ৰ পুৰুষ টপছ শাখাত অনুষ্ঠিত হ’ব । উক্ত শিবিৰত ১৩ ফেব্ৰুৱাৰীত উপস্থিত হৈ প্ৰশিক্ষক বি জে কেৰীয়াপ্পাৰ সৈতে ৯৮৪৫০-৯৭৮২১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে বেংগালুৰু ছাইৰ ভাৰপ্ৰাপ্ত সঞ্চালকে। জুনিয়ৰ ৰাষ্ট্ৰীয় হকী শিবিৰলৈ আমন্ত্ৰিত মুঠ ৬৫ গৰাকী খেলুৱৈৰ মাজৰ পৰা ৩৭ গৰাকীক ৰাখি বাকীবোৰক যাবলৈ দিয়া হ’ব । আমন্ত্ৰিত সকলো খেলুৱৈকে জন্মৰ প্ৰমাণপত্ৰ আৰু পাছপৰ্টৰ লগতে বেংকৰ নথিপত্ৰ নিবলৈ কোৱা হৈছে । কোনো খেলুৱৈৰ আঘাটজনিত সমস্যা থাকিলে বিতং নথিপত্ৰ নিব লাগিব । নগাঁও জিলাৰ কলিয়াবৰৰ কাষৰ মিচা ভূঞাপট্ৰিৰ বাসিন্দা প্ৰসেনজিতৰ পিতৃ জ্যোতিষ দেৱৰ ইতিমধ্যে মৃত্যু হৈছে । পিতৃহীন প্ৰসেনজিতৰ মাতৃ মীনা দেবীৰ লগতে ৬ মাহ মানৰ পূৰ্বে চি আই এছ এফত ভৰ্তি হোৱা সুজিত দেৱ নামৰ এগৰাকী ককায়েক আছে । প্ৰসেনজিতে পংকজ বসুমতাৰীৰ তদাৰকত সৰুৰে পৰা মিচাৰ ফিল্ডত হকীৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । টেলিফোনিক বাৰ্তালাপত তেওঁ জনোৱা মতে যোৱাবছৰ তামিলনাডুৰ কাৰিয়াপ্পাত অনুষ্ঠিত জুনিয়ৰ ৰাষ্ট্ৰীয় হকী টুৰ্ণামেণ্টত অসম দলৰ চেন্টাৰ ফৰৱাৰ্ড ৰূপে অংশ লৈছিল প্ৰসেনজিতে । সেইবাৰ গোৱাৰ বিৰুদ্ধে ২-০ গ’লত অসমে জয়লাভ কৰিছিল । মেচখনত প্ৰসেনজিতে গোৱাৰ বিৰুদ্ধে দুৰ্দান্ত ফিল্ড গ’ল কৰি নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰে । কিন্তু ৰাষ্ট্ৰীয় শিবিৰলৈ আমন্ত্ৰণ লাভ কৰা সত্বেও এতিয়া পাছপৰ্ট নথকাত চিন্তিত হৈ পৰিছে খেলুৱৈ গৰাকী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments