অলিম্পিয়া প্ৰতিবেদন
৪৭ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল চেম্পিয়নশ্বিপলৈ অসমৰ ৰাষ্ট্ৰীয় সুদক্ষ ভলীবল ৰেফাৰী নলবাৰী জিলাৰ বৰবৰী গাওঁৰ দেৱজিৎ ডেকা নিৰ্বাচিত হৈছে । অহা ২৫-৩০ ডিচেম্বৰত পশ্চিমবংগৰ বৰ্ধমান জিলাৰ শ্ৰী অৰবিন্দ ষ্টেডিয়ামত উক্ত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । ল’ৰা-ছোৱালী উভয়ৰে মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতা খনত দেৱজিৎ ডেকাক ২৪ ডিচেম্বৰত উপস্থিত হোৱাৰ বাবে আহ্বান জনোৱা হৈছে । ইয়াৰ আগতেও তেওঁ কেইবাবাৰো ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত ৰেফাৰী হিচাপে অংশ গ্ৰহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । তেওঁৰ যাত্ৰাৰ প্ৰাকমূহুৰ্তত অলিম্পিয়া স্পৰ্টছৰ ভৰফৰ পৰা অভিনন্দন জনালোঁ।