Tuesday, October 4, 2022
HomeNewsচেম্পিয়নছ লীগলৈ যোগ্যতা অর্জন জুভেন্টাছৰ

চেম্পিয়নছ লীগলৈ যোগ্যতা অর্জন জুভেন্টাছৰ

অলিম্পিয়া প্রতিবেদন

চেম্পিয়নছ লীগলৈ যোগ্যতা অর্জন কৰিলে জুভেন্টাছে। দেওবাৰে দলটোৱে বলগনাক ৪-১ গ’লৰ বিনিময়ত পৰাস্ত কৰাৰ লগে লগেই এই যোগ্যতা অর্জন কৰিবলৈ সক্ষম হয়। পইণ্ট তালিকাত জুভেন্টাছে ৭৮ পইণ্টৰে চতুৰ্থ স্থান লাভ কৰে। সমসংখ্যক পইণ্টৰে তালিকাৰ তৃতীয় স্থানত থাকে আটলাণ্টা।

উল্লেখযোগ্য যে একেৰাহে তৃতীয়বাৰৰ বাবে চেম্পিয়নছ লীগ খেলাৰ সুযোগ লাভ কৰে আটলাণ্টাই। লীগৰ অন্তিম মেচখনত দলটো এ চি মিলানৰ হাতত পৰাস্ত হয় যদিও চেম্পিয়নছ লীগৰ দৌৰত বৰ্তি থাকিবলৈ সক্ষম হয়। আটলাণ্টা এ চি মিলানৰ হাতত ২-০ গ’লৰ ব্যৱধানত পৰাস্ত হয়। আটলাণ্টাক পৰাস্ত কৰাৰ সুবাদতে প্ৰতিযোগিতাখনলৈ যোগ্যতা অর্জন কৰে এ চি মিলানে। পইণ্ট তালিকাত ৭৯ পইণ্টৰে এ চি মিলান তৃতীয় স্থানত থাকে।

৯১ পইণ্টৰে তালিকাৰ শীৰ্ষ স্থান অধিকাৰ কৰি খিতাপ জিকাৰ লগতে চেম্পিয়নছ লীগলৈ যোগ্যতা অর্জন কৰে ইন্টাৰ মিলানে। ইপিনে, ইউৰোপা লীগত স্থান লাভ কৰিয়েই শান্ত থাকিবলগীয়া হয় নেপোলি। দেওবাৰে লীগৰ অন্তিমখন মেচত দলটোৱে হেল্লাছ ভেৰোনাৰ বিৰুদ্ধে ১-১ গলত ড্র খেলে। পইণ্ট তালিকাৰ পঞ্চম স্থানত থাকি নেপোলি চেম্পিয়নছ লীগৰ দৌৰৰ পৰা বাহিৰ হয়।

উল্লেখযোগ্য যে খেলখনত জয়লাভ কৰাহেতেন জুভেন্টাছৰ ঠাইত নেপোলিয়ে চেম্পিয়নছ লীগলৈ যোগ্যতা অর্জন কৰিলেহেঁতেন। ভেৰোনাৰ বিপক্ষে মেচখনৰ ৬০ মিনিটত নেপোলিৰ আমিৰ ৰাহমানিয়ে গ’ল দিবলৈ সক্ষম হয় যদিও প্ৰতিপক্ষৰ ডেভিড ফাৰাউনিৰ সমতাসূচক গ’লটোৱে দলটোৰ চেম্পিয়নছ লীগৰ দুৱাৰ বন্ধ কৰে। কেৱল ১ টা লীগ পইণ্টৰ বাবে দলটো চেম্পিয়নছ লীগৰ পৰা বঞ্চিত হয়। ৭৭ পইণ্টৰে দলটো পইণ্ট তালিকাৰ পঞ্চম স্থানত থাকে।।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments