অলিম্পিয়া বাৰ্তা
অসমৰ উদীয়মান উশ্বু খেলুৱৈ জ্যোতিৰ্মান বৰাই অনলাইনযোগে অনুষ্ঠিত ৰাষ্ট্ৰীয় উশ্বু চেম্পিয়নশ্বিপত তিনিটাকৈ স্বৰ্ণ পদক অৰ্জন কৰিছে।
যোৱা ১৫ মেৰ পৰা ১৮ মে’লৈ অনুষ্ঠিত এই অনলাইন প্ৰতিযোগিতাখন উদ্ধোধন কৰে কেন্দ্রীয় ক্ৰীড়ামন্ত্ৰী কিৰেন ৰিজুজুই। কৰোনা মহামাৰীয়ে বিশ্ব জুৰি এক ভয়াৱহ ৰূপ ধাৰণ কৰা সময়ত উশ্বু খেলুৱৈসকলক উৎসাহিত কৰি তোলাৰ উদ্দেশ্য ভাৰতীয় উশ্বু সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাত ভাৰতৰ ভিন্ন প্ৰান্তৰ মুঠ ৭০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
অসমৰ পৰাও কেইবাগৰাকী প্ৰতিযোগীয়ে যোগদান কৰা এই প্ৰতিযোগিতাত গুৱাহাটীৰ জ্যোতিৰ্মান বৰাই এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। জ্যোতিৰ্মান গুৱাহাটীৰ লালমাটিৰ নিবাসী ভৰত কুমাৰ বৰা আৰু দীপাঞ্জলি বৰাৰ পুত্ৰ।
শ্বিলঙৰ অসম ৰেজিমেণ্ট চেণ্টাৰৰ বয়জ কোম্পানীৰ দশম শ্ৰেণীৰ ছাত্ৰ জ্যোতিৰ্মান বৰাই ইয়াৰ আগতে বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক অৰ্জন কৰাৰ লগতে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় উশ্বুত দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।