Wednesday, October 5, 2022
HomeNewsআই পি এলত কে এল ৰাহুলৰ বেটিং তাণ্ডৱ : বিধ্বস্ত ছানৰাইজাৰ্ছ হায়দৰাবাদ

আই পি এলত কে এল ৰাহুলৰ বেটিং তাণ্ডৱ : বিধ্বস্ত ছানৰাইজাৰ্ছ হায়দৰাবাদ

অলিম্পিয়া প্ৰতিবেদন

আই পি এলত কে এল ৰাহুলৰ বেটিং তাণ্ডৱ । অপ্ৰতিৰোধ্য দীপক হুদা । লক্ষ্ণৌৰ যুৱ ক্ৰিকেটাৰ আয়ুস বাদানিয়েও শক্তিশালী ৰূপত ঘূৰাইছে বেট ।
পুনৰ জয়ৰ মালা পিন্ধিলে আই পি এলৰ নতুন দল লক্ষ্ণৌ ছুপাৰ জায়েন্টছে । অপ্ৰাণ চেষ্টা কৰিও বিফল ছানৰাইজাৰ্ছ হায়দৰাবাদ ।

ক্ৰমে অধিক শক্তিশালী হৈ উঠিছে কে এল ৰাহুল নেতৃত্বৰ আই পি এলৰ নতুন দল লক্ষ্ণৌ ছুপাৰ জায়েন্টছ । নিজা প্ৰথমখন মেচত গুজৰাট টাইটানছৰ বিৰুদ্ধে পৰাস্ত হলেও ইয়াৰ পাছৰ দুখন মেচত জয়ৰ ধাৰা অব্যাহত ৰাখিছে কে এল ৰাহুল বাহিনীয়ে । সোমবাৰে তাৰেই এক প্ৰতিচ্ছবি দেখা আই পি এলৰ মৈদানত । সমুখ সমৰত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম কেন উইলিয়ামচনৰ নেতৃত্বৰ দল ছানৰাইজাৰ্ছ হায়দৰাবাদ । প্ৰথমে বেটিং কৰি লক্ষ্ণৌয়ে ৭ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ১৬৯ ৰাণ । লক্ষ্ণৌৰ অধিনায়ক হিচাপে ৬৮ ৰাণৰ বৰঙণিৰে পুনৰ ক্ৰিকেট বিশ্বক চমক দিল কে এল ৰাহুলে । সেইদৰে দীপক হুদাই ৫১ ৰাণৰ সুন্দৰ ইনিংছ খেলে । ক্ৰমাগত ভাবে শক্তিশালী ৰূপত ধৰা দিয়া যুৱ ক্ৰিকেটাৰ আয়ুস বাদানিয়েও ইখনৰ পিছত সিখন মেচত লক্ষ্ণৌক দিছে ৰাণৰ উপহাৰ । সোমবাৰৰ মেচতো আয়ুস বাদানিয়ে ঘুৰালে বেট । ৩ টা বাউণ্ডেৰীসহ সংগ্ৰহ কৰিলে ১৯ ৰাণ ।
এক সীমিত লক্ষ্য লৈ খেলপথাৰত নামিল ছানৰাইজাৰ্ছ হায়দৰাবাদ । পিছে লক্ষ্ণৌৰ বলিং ত্রাসত খহিল এটাৰ পাছত আনটো উইকেট । লক্ষ্ণৌৰ হৈ আৱেছ খানে ৪ টা, জেছন হল্ডাৰে ৩ টা, ক্ৰুণাল পাণ্ডিয়াই ২ টাকৈ উইকেটৰ পতন ঘটায় ।
ছানৰাইজাৰ্ছৰ ৰাহুল ত্রিপাঠীয়ে সৰ্বোচ্চ ৪৪ ৰাণ, নিকলাচ পৰাণে ৩৪ ৰাণৰ ইনিংছ খেলে । অধিনায়ক হিচাপে কেন উইলিয়ামচন ১৬ ৰাণ কৰিয়েই আউট হয় ।
অন্তিম পৰ্যায়লৈকে দৰ্শকে গম ধৰিব পৰা নাছিল কোনটো দল জিকিব । এটা সময়ত ছানৰাইজাৰ্ছ হায়দৰাবাদ জিকাৰ উপক্ৰম হওঁতেই পুনৰ উইকেট হেৰুৱাই সেই আশা পূৰ্ণ নহ’ল । ফলত ৯ টা উইকেটৰ বিনিময়ত ১৫৭ ৰাণতেই থমকিল কেন উইলিয়ামচন বাহিনী ।

কে এল ৰাহুল বাহিনীক দেখা গৈছে শক্তিশালী ৰূপত । নতুন দল হ’লেও চেম্পিয়নৰ খিতাপ দখলৰ দৌৰত লক্ষ্ণৌ । কোন দলে এই ছিজনত পিন্ধিব আই পি এলৰ বিজয় মুকুট ? তাৰ বাবে অপেক্ষাৰত বিশ্বৰ কোটি কোটি ক্ৰিকেট অনুৰাগী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments