Monday, October 3, 2022
HomeNewsদুৰ্দশাগ্ৰস্ত শিশুৰ বাবে বিশ্বকাপৰ বেট নিলাম কে এল ৰাহুলৰ

দুৰ্দশাগ্ৰস্ত শিশুৰ বাবে বিশ্বকাপৰ বেট নিলাম কে এল ৰাহুলৰ

olympiasports.in

দুৰ্দশাগ্ৰস্ত শিশুসকলৰ বিকাশ আৰু উন্নয়নৰ বাবে কাম কৰি অহা এৱেৰ ফাউণ্ডেচন নামৰ বেচৰকাৰী সংস্থা এটাক সহায়ৰ বাবে আগবাঢ়ি আহিছে ক্ৰিকেটাৰ কে এল ৰাহুল। সেই উদ্দেশ্যে ভাৰতীয় বেটছমেনজনে তেওঁ যোৱা বৰ্ষৰ বিশ্বকাপত ব্যৱহাৰ কৰা বেটখন আৰু কিছু অন্য সামগ্ৰী নিলামৰ বাবে ব্যৱস্থা হাতত লৈছে। এক ভিডিঅ’ কণফাৰেন্সৰ জৰিয়তে এই কথা সদৰী কৰে ক্ৰিকেটাৰজনে।

“মই পেড, গ্লোভচ, হেলমেট, জাৰ্চিকে আদি কৰি বহুকেইটা বস্তু ভাৰত আৰ্মীক প্ৰদান কৰিছোঁ। তেওঁলোকে এইবোৰ নিলাম কৰি লাভ কৰা ধনৰাশি এৱেৰ ফাউণ্ডেচনলৈ আগবঢ়োৱা হ’ব। ” ৰাহুলে কয়।

এনেধৰণৰ কামৰ বাবে সহায় কৰিবলৈ পাই খেলুৱৈজন সুখী বুলি ভিডিঅ’টোত তেওঁ উল্লেখ কৰে। সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া এই নিলাম কাৰ্য্যত সকলোকে অংশগ্ৰহণ কৰিবলৈও তেওঁ আহ্বান জনায়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments