Monday, October 3, 2022
HomeNewsতাৰকা ক্ৰিকেটাৰ কে এল ৰাহুলৰ মহানুভৱতা : চিকিৎসাৰ বাবে এটি শিশুক প্ৰদান...

তাৰকা ক্ৰিকেটাৰ কে এল ৰাহুলৰ মহানুভৱতা : চিকিৎসাৰ বাবে এটি শিশুক প্ৰদান ৩১ লাখ টকা

অলিম্পিয়া প্ৰতিবেদন

মানৱ দৰদী এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ । চৰ্চাত ক্ৰিকেটাৰ কে এল ৰাহুল । পিছে এইবাৰ ক্ৰিকেটৰ বাবে নহয়, চৰ্চাৰ কাৰণ কিছু পৃথক ।

বিশ্ব ক্ৰিকেটত জনপ্ৰিয় ভাৰতীয় তাৰকা ক্ৰিকেটাৰ লোকেশ ৰাহুল ওৰফে কে এল ৰাহুল । বেটিং শৈলীৰ বাবে কোটি কোটি অনুৰাগীৰ আবেগ ৰাহুল । বহু কঠিন পৰিস্থিতিত এইগৰাকী ক্ৰিকেটাৰৰ ৰাণৰ অৱদানত ভাৰতে মৈদানত পতিপক্ষক হেৰুৱাইছে বহুবাৰ । সকলোৱে জানে কে এল ৰাহুলৰ দৰে তাৰকা ক্ৰিকেটাৰসকল বিশাল ধন- সম্প্ৰতিৰ অধিকাৰী । এইসকল তাৰকা ক্ৰিকেটাৰৰ লাইফ ষ্টাইলো পৃথক । ইয়াৰ মাজতে কে এল ৰাহুলৰ দৰে খেলুৱৈসকলে প্ৰদৰ্শন কৰে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন । মুম্বাইৰ ৱাৰাড নামৰ এগৰাকী ১১ বছৰীয়া শিশুক অস্ত্রোপচাৰৰ বাবে কে এল ৰাহুলে প্ৰদান কৰে ৩১ লাখ টকাৰ বৃহৎ আৰ্থিক সাহায্য । ক্ৰিকেটৰ আদিপাঠ গ্ৰহণ কৰি থকা ৱাৰাডৰ জৰুৰী চিকিৎসাৰ বাবে এই ধনখিনি প্ৰদান কৰা হৈছে । শিশুটিক জৰুৰীভাৱে হাড়ৰ মজ্জা সংৰোপণৰ বাবে পৰিয়ালক প্ৰয়োজন আছিল বৃহৎ পৰিমাণৰ ধন । জানিব পৰা মতে, ৱাৰাডৰ পিতৃ শচীন এগৰাকী বীমা এজেন্ট । আৰ্থিক সংকটত ভোগা
পিতৃ-মাতৃয়ে সহায়ৰ বাবে ৰাইজৰ পৰা বিচাৰিছিল অৰ্থৰ সাহায্য । সেই মৰ্মে ৰাইজৰ পৰা ৪ লাখ টকা বৰঙণি পোৱাৰ পাছতো অস্ত্রোপচাৰৰ বাবে থমকিছিল পৰিয়ালটো । সেই অভাৱ পূৰণ কৰিলে তাৰকা ক্ৰিকেটাৰ কে এল ৰাহুলে । শিশুটিৰ চিকিৎসাৰ বাবে ধন সংগ্ৰহত অসুবিধাৰ সন্মুখীন হোৱা বুলি জানি কে এল ৰাহুলে প্ৰদান কৰিলে ৩১ লাখ টকা ।

তেওঁৰ এই সাহায্যই এটি শিশুক জীৱন ৰক্ষা কৰিব । ৰাহুলৰ সহায়ৰ বাবে পিতৃ-মাতৃৰ মুখত বিৰিঙিছে হাঁহি । বিপদৰ সময়ত ভগৱানৰ দৰে ধৰা দিয়া কে এল ৰাহুলক মাতৃ স্বপ্নাই জনাইছে ধন্যবাদ ।
উল্লেখযোগ্য যে, ৱেষ্ট ইণ্ডিজৰ সৈতে টি-২০ শৃংখলা খেলাৰ পাছত শ্ৰীলংকা বিৰুদ্ধে ভাৰতে খেলিবলগা টি -২০ শৃংখলাত কে এল ৰাহুলক জিৰণি দিয়া হৈছে ।

ক্ৰীড়া অনুৰাগীয়ে আশা কৰিব — ৱাৰাড নামৰ কণমাণি শিশুটি সুস্থ হৈ উঠক । এগৰাকী শিশুৰ প্ৰতি তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে দেখুওৱা সহানুভূতি তথা মৰম সঁচাকৈ প্ৰশংসনীয় । এগৰাকী ক্ৰিকেটাৰ কেৱল যে মৈদানতে দায়িত্বশীল নহয়, সমাজৰ বাবেও তেওঁলোক এগৰাকী দায়িত্বশীল ব্যক্তি তাকেই প্ৰমাণ কৰিলে কে এল ৰাহুলে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments