কাছমাৰীত প্ৰাইজমানি ফুটবল পূৰ্ণগতিত।ইটাপাৰা এফ.চি.ৰ অগ্ৰগতি।

অলিম্পিয়া প্ৰতিবেদন

নগাঁও জিলাৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সংঘৰ সৌজ্যনত পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত পূৰ্ণগতিত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত ইটাপাৰা ফুটবল ক্লাৱে অগ্ৰগতি লাভ কৰিছে ।এই প্ৰতিযোগিতাৰ আজিৰ খেলত ইটাপাৰা এফ.চি.য়ে কাছমাৰী বামুন গাঁও ফুটবল ক্লাৱক টাইব্ৰেকাৰত সামগ্ৰিকভাৱে ৪-২(১-১)গ’লত পৰাজিত কৰে।

বিৰতিলৈকে গ’লশূন্যভাৱে থকা তুমুল প্ৰতিদ্বণ্ডিতামূলক খেলখনৰ ৫৬মিনিটত ইটাপাৰা এফ.চি.ৰ হৈ পুতুল পাটৰে প্ৰথমে গ’লটো দিয়াৰ বিপৰীতে বামুনগাঁও এফ.চি.ৰ হৈ ৮২মিনিটত টিপাচি হোকায়ে গ’লদি সমতা স্থাপিত কৰে।নিৰ্ধাৰিত সময়ত খেলখন ড্ৰ’ হোৱাত টাইব্ৰেকাৰৰ জৰিয়তে ফলাফল নিৰ্ণয় কৰা হয়।টাইব্ৰেকাৰত ইটাপাৰাৰ দলটোৰ হৈ বিৰাজ নাথ,কংকন বৰদলৈ আৰু পিকু কোচে গ’ল স্ক’ৰ কৰাৰ বিপৰীতে বামুনগাঁও এফ.চি.ৰ হৈ টিপাচি হোকায়েহে গ’ল দিবলৈ সক্ষম হয়।

আজিৰ খেলখন পৰিচালনা কৰাত ৰেফাৰী বিপ্লৱ কোঁৱৰক সহায় কৰে বিষ্ণু বৰদলৈ,সমীৰ বৰদলৈ আৰু কণ্ঠী ৰাজা(চতুৰ্থ)ই। এই প্ৰতিযোগিতাৰ সোমবাৰে কোনো খেল নাই। মঙলবাৰৰ খেলত চকলাঘাট ফুটবল ক্লাৱে মৰিগাঁও জিলাৰ গা-খজুৱা এফ.চি.ৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব বুলি আয়োজক সমিতিৰ সভাপতি স্বৰূপ ডেকা আৰু সম্পাদক প্ৰাঞ্জল ডেকাই জনাইছে।

✍️নগাঁওৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

Leave a Reply

Your email address will not be published. Required fields are marked *