Friday, September 30, 2022
HomeNewsকাছমাৰীত প্ৰাইজমানি ফুটবলৰ সফল সামৰণি ।চকলাঘাট এফ.চি.চেম্পিয়ন ।

কাছমাৰীত প্ৰাইজমানি ফুটবলৰ সফল সামৰণি ।চকলাঘাট এফ.চি.চেম্পিয়ন ।

অলিম্পিয়া প্ৰতিবেদন

নগাঁও জিলাৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সংঘৰ সৌজ্যনত পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত দেওবাৰে সামৰণি পৰা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত চকলাঘাট ফুটবল ক্লাৱে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিছে ।এই প্ৰতিযোগিতাৰ ফাইনেলত চকলাঘাট এফ.চি.য়ে কাছমাৰী কোচিং চেণ্টাৰক ২-১গ’লত পৰাজিত কৰে।

তুমুল প্ৰতিদ্বণ্ডিতামূলক খেলখনত চকলাঘাট এফ.চি.ৰ হৈ গ’ল দুটা চফিকুল হকে(৯,৫১মিনিট) দিয়াৰ বিপৰীতে কাছমাৰী কোচিং চেণ্টাৰৰ হৈ দিবাকৰ সেনাপতি(১৯মিনিট)য়ে গ’লটো দিয়ে। খেলখন পৰিচালনা কৰাত ৰেফাৰী বিপ্লৱ কোঁৱৰক সহায় কৰে বিষ্ণু বৰদলৈ,সমীৰ বৰদলৈ আৰু কণ্ঠী ৰাজা(চতুৰ্থ)ই।

ফাইনেল খেলখন আৰম্ভণিতে নগাঁও ক্ৰীড়া সংস্থাৰ কাৰ্যবাহী সভাপতি তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই উদ্বোধন কৰে। লগতে তেওঁক আৰু আন অতিথিসকলক খেলুৱৈসকলৰ সৈতে চিনাকি কৰি দিয়া হয়।

এই প্ৰতিযোগিতাৰ অন্তত ক্ৰীড়া সংগঠক স্বৰূপ ডেকাই আঁত ধৰা সামৰণি অনুষ্ঠানত ক্ৰীড়া ভাৰতীৰ অসম প্ৰান্তৰ সাংগঠনিক সম্পাদক মনোজ মহান্তি,অসম জিমনাষ্টিকছ সম্পাদক,ক্ৰীড়া ভাৰতীৰ নগাঁও জিলাৰ সভাপতি তথা বিশিষ্ট ক্ৰীড়া সংগঠক উজ্বল বৰুৱা,কাছমাৰী গাঁও পঞ্চায়তৰ সভাপতি পংকজ বৰা,সমাজসেৱিকা কাঞ্চন বৰদলৈ,দীপাঞ্জলি কোঁৱৰ,ক্ৰীড়া সংগঠক সমীৰ হাজৰিকা,সমাজকৰ্মী অমিয় ডেকা,অৰ্জুন বৰদলৈ,ৰাজেশ কোঁৱৰ,মুকুল ডেকা,বীৰেন লালুং,প্ৰাঞ্জল ডেকা,চন্দ্ৰ ডেকা,সঞ্জয় মাহাতো,গৌৰাংগ ৰয়,প্ৰান্তৰ ভট্টাচাৰ্য আদি উপস্থিত থাকি বিভিন্ন বঁটাসমূহ বিতৰণ কৰে।উল্লেখ্য যে,আজি ফাইনেলৰ দুয়োটা দলকে কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন বৰদলৈয়ে দুটাকৈ ফুটবল বিশেষভাৱে প্ৰদান কৰে।

✍️নগাঁওৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments