Friday, September 30, 2022
HomeNewsকাছমাৰীত প্ৰাইজমানি ফুটবল পূৰ্ণগতিত।পাঘালি এফ.চি. প্ৰি-কোৱাৰ্টাৰত।

কাছমাৰীত প্ৰাইজমানি ফুটবল পূৰ্ণগতিত।পাঘালি এফ.চি. প্ৰি-কোৱাৰ্টাৰত।

অলিম্পিয়া প্ৰতিবেদন

নগাঁও জিলাৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সংঘৰ সৌজ্যনত পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত পূৰ্ণগতিত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ পাঘালি এফ.চি. প্ৰি-কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে।

এই প্ৰতিযোগিতাৰ আজিৰ খেলত পাঘালি ফুটবল ক্লাৱে শিমলুগুৰি ফুটবল ক্লাৱক ৩-০গ’লত পৰাজিত কৰে।খেলখনত পাঘালি এফ.চি.ৰ হৈ যদু বৰদলৈয়ে দুটা(১০,৮০মিনিট) আৰু ধ্ৰুৱ ডেকা(৫০মিনিট)ই এটা গ’ল দিয়ে।আজিৰ খেলখন পৰিচালনা কৰাত ৰেফাৰী বিপ্লৱ কোঁৱৰক সহায় কৰে বিষ্ণু বৰদলৈ,সমীৰ বৰদলৈ আৰু কণ্ঠী ৰাজা(চতুৰ্থ)ই। মুঠ-২৭টা দলে যোগদান কৰা এই প্ৰতিযোগিতাৰ শণিবাৰৰ খেলত কপাহেৰা ফুটবল দলে কটহগুৰি এফ.চি.ৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব বুলি আয়োজক সমিতিৰ সভাপতি স্বৰূপ ডেকাই জনাইছে।

✍️নগাঁওৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments