Friday, September 30, 2022
HomeNewsকালিৰ পৰা মুকলি হ'ব কাহিলীপাৰা শ্বুটিং ৰেঞ্জ

কালিৰ পৰা মুকলি হ’ব কাহিলীপাৰা শ্বুটিং ৰেঞ্জ

অলিম্পিয়া প্ৰতিবেদন

অসম ক্ৰীড়া প্ৰাধিকৰণৰ অন্তৰ্গত চতুৰ্থ এ পি বি এন কাহিলীপাৰা শ্বুটিং ৰেঞ্জ অহা ১১ ছেপ্টেম্বৰৰ পৰা মুকলি কৰি দিয়া হ’ব। শ্বুটিং ৰেঞ্জখনত ক’ভিড ১৯ ৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিন ধৰি অনুশীলন বন্ধ হৈ আছিল। ইয়াৰ ফলত ৰাজ্যখনৰ শ্বুটাৰসকল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈ পৰিছে।

ৰাজ্যখনত শ্বুটিঙৰ পৰিৱেশ পুনৰ ঘূৰাই অনাৰ লগতে শ্বুটাৰসকলৰ অনুশীলনৰ আৰম্ভণি ঘটাবলৈ অসম ক্ৰীড়া প্ৰাধিকৰণে এই সিদ্ধান্ত গ্ৰহণ কৰে। অনুশীলন আৰম্ভ হ’লেও সকলো চৰকাৰী ক’ভিডৰ নীতি নিয়ম মানি চলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব অসম ৰাইফলছ এণ্ড শ্বুটিং এছ’চিয়েছনে।

উল্লেখযোগ্য যে কাহিলীপাৰাস্থিত এই শ্বুটিং ৰেঞ্জটো ২০০৭ চনত অসমত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ত স্থাপন কৰা হৈছিল। ২০১৬ চনৰ ছাউথ এছিয়ান গেমছ আৰু ২০২০ চনত অনুষ্ঠিত খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত এই শ্বুটিং ৰেঞ্জটোৰ পুনৰ মেৰামতি কৰা হয়। বৰ্তমান ইয়াক দেশৰ ভিতৰতে এটা উল্লেখযোগ্য শ্বুটিং কমপ্লেক্স হিচাবে গণ্য কৰা হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments