Tuesday, October 4, 2022
HomeNewsকনকলতা বৰুৱা ট্ৰফী ক্ৰিকেটত ধেমাজি, যোৰহাট, নলবাৰীৰ জয়লাভ

কনকলতা বৰুৱা ট্ৰফী ক্ৰিকেটত ধেমাজি, যোৰহাট, নলবাৰীৰ জয়লাভ

অলিম্পিয়া প্ৰতিবেদন

প্ৰথম কনকলতা বৰুৱা আন্তঃজিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ শুকুৰবাৰৰ মেচত ধেমাজি দলে তেজপুৰৰ বিৰুদ্ধে ১৪৪ ৰাণত জয়লাভ কৰিছে । জজ ফিল্ডত ধেমাজিয়ে ১৫ অভাৰত ২ উইকেটত ১৯২ ৰাণ কৰে । দলৰ হেমলতা পায়েঙে ৭১ আৰু মাইনা নৰহে ৬৯ ৰাণৰ বৰঙণি যোগায় । প্ৰত্যুত্তৰত তেজপুৰে ১৫ অভাৰত ৯ উইকেটত মাত্ৰ ৪৮ ৰাণহে কৰে । বৰ্ষাপাৰাত নলবাৰী দলে মৰিগাঁৱৰ বিৰুদ্ধে ১০ উইকেটত জয়লাভ কৰিছে । মৰিগাঁৱে ১৪.২ অভাৰত কৰে মাত্ৰ ৩২ ৰাণ । দলৰ পূৰ্ণিমা বৰদলৈয়ে ১০ ৰাণ কৰে । নলবাৰীৰ হৈ জ্ঞানশ্ৰী বৰ্মনে ৪ টা, ছয়নিকা ডেকা আৰু মনিষা বৰ্মন উভয়ে ৩ টাকৈ উইকেট দখল কৰে । ইয়াৰ বিপৰীতে নলবাৰী
দলে মাত্ৰ ২.৩ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ বিজয় সাব্যস্ত কৰে । ইফালে আমিনগাঁৱত যোৰহাট দলে কৰিমগঞ্জৰ বিৰুদ্ধে ১০ উইকেটত বিজয়ী হৈছে । কৰিমগঞ্জ দলে ৩০ অভাৰত ৯ উইকেটত কৰে মাত্ৰ ৭৬ ৰাণ । দলৰ দিপীকা পালে ৩৪ ৰাণ কৰাৰ বাহিৰে বাকীসকল ব্যৰ্থ হয় । প্ৰত্যুত্তৰত যোৰহাটে জ্যেতিকা ৰায়ৰ ৩৪ আৰু প্ৰিয়ংকা দত্তৰ ২৭ ৰাণৰ সহায়ত কোনো উইকেট নেহেৰুৱাকৈ বিজয় নিশ্চিত কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments