Wednesday, August 10, 2022
HomeNewsকনকলতা বৰুৱা মহিলা ক্ৰিকেটত কেন্দ্ৰীয় অসম মণ্ডল,হেড কোৱাৰ্টাৰ মণ্ডলৰ অগ্ৰগতি

কনকলতা বৰুৱা মহিলা ক্ৰিকেটত কেন্দ্ৰীয় অসম মণ্ডল,হেড কোৱাৰ্টাৰ মণ্ডলৰ অগ্ৰগতি

অলিম্পিয়া প্ৰতিবেদন

ৰাজ্যত চলি থকা প্ৰথম কনকলতা বৰুৱা আন্তঃমণ্ডল মহিলা ক্ৰিকেট চেম্পিয়নশ্বিপৰ আজিৰ এখন মেচত কেন্দ্ৰীয় অসম মণ্ডলে উত্তৰ অসম মণ্ডলক ২ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হৈছে।

বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ প্ৰথমখন মেচত উত্তৰ অসম মণ্ডলে প্ৰথমে টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয়। নিৰ্ধাৰিত ৫০ অভাৰত উত্তৰ অসম মণ্ডলে ৮ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ২০৬ ৰান। উত্তৰ অসম মণ্ডলৰ হৈ জিন্তিমণি কলিতাই ৬৭ আৰু ৰোহিনা পেগুই ৪৬ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। প্ৰতিপক্ষৰ পৰীস্মিতা বৰুৱাই দখল কৰে ২ টাকৈ উইকেট। প্ৰত্যুত্তৰত কেন্দ্ৰীয় অসম মণ্ডলে অনামিকা বৰিৰ ৫০ আৰু হিৰামণি শইকীয়াৰ ৪৭ ৰানৰ সহায়ত ৪৮.৪ অভাৰত ইপ্সিত লক্ষ্যত উপনীত হয়।

প্ৰতিযোগিতাৰ আন এখন মেচত হেড কোৱাৰ্টাৰ মণ্ডলে উজনি অসম মণ্ডলৰ বিপক্ষে ৩৯ ৰানত জয়লাভ কৰিবলৈ সক্ষম হয়। নিৰ্ধাৰিত ৫০ অভাৰত হেড কোৱাৰ্টাৰ মণ্ডলে ২০৮ ৰান কৰাৰ বিপৰীতে উজনি অসম মণ্ডলে আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিবলৈ সক্ষম হয় ১৬৯ ৰান। উজনি অসম দলৰ হৈ গায়ত্ৰী গুৰুঙে ৬৭ ৰান কৰিবলৈ সক্ষম হয় যদিও দলটোৰ বাকী বেটছৱ’মেনসকল ব্যৰ্থ হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen + nineteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments