Friday, September 30, 2022
HomeNewsপ্ৰথম কনকলতা বৰুৱা ক্ৰিকেটত ৰেলৱে দলৰ খিতাপ, মণিষা দাস টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ

প্ৰথম কনকলতা বৰুৱা ক্ৰিকেটত ৰেলৱে দলৰ খিতাপ, মণিষা দাস টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ

অলিম্পিয়া প্ৰতিবেদন

এন এফ ৰেলৱে দলে প্ৰথম কনকলতা বৰুৱা আন্ত:জিলা মহিলা ক্ৰিকেট টুৰ্ণামেণ্টত চেম্পিয়নৰ খিতাপ জয় কৰিছে । অসম ক্ৰিকেট সন্থাৰ দ্বাৰা প্ৰথমবাৰলৈ আয়োজিত প্ৰতিযোগিতাৰ ফাইনেলত ৰেলৱে দলে ১০৭ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে লখিমপুৰক । আমিনগাঁও ষ্টেডিয়ামত সোমবাৰে এন এফ ৰেলৱে দলে ২০ অভাৰত ৪ উইকেটত কৰে ১৬৫ ৰাণ । দলৰ মণিষা দাসে সৰ্বাধিক ২৫ বলত ৪১, কল্পনা চৌতালে ৩৯, জেনেভি পাণ্ডুৱে ২৬ ৰাণৰ অৱদান যোগায় । প্ৰতিপক্ষৰ মাইনী পায়েঙ আৰু প্ৰিয়ংকা কলিতাই ১ টাকৈ উইকেট লাভ কৰে । প্ৰত্যুত্তৰত লখিমপুৰে ২০ অভাৰত ৫৮ ৰাণতে ইনিংছ সামৰে । মাইনী পায়েঙে ২২ আৰু ঝৰ্ণা মহন্তই ১৩ ৰাণ কৰাৰ বাহিৰে বাকীসকলে ৰাণ কৰিব নোৱাৰিলে । বলিঙত ৰেলৱেৰ হৈ কল্পনা চৌতালে ৩ টা আৰু সূপৰ্ণা সিনহাই ২ টা উইকেট দখল কৰে । বিজয়ী দলৰ মণিষা দাসে টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ, কল্পনা চৌতালে ফাইনেলৰ শ্ৰেষ্ঠ, বোকাখাতৰ অৰ্পণা কৰ্মকাৰে শ্ৰেষ্ঠ বলাৰ আৰু নগাঁৱৰ হীৰামণি শ‌ইকীয়াই শ্ৰেষ্ঠ বেটছ‌ওমেনৰ ট্ৰফী লাভ কৰে । সামৰণিত ট্ৰফীসমূহ বিতৰণ কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, যুটীয়া সম্পাদক কামাখ্যা শ‌ইকীয়াসহ এপেক্স কাউন্সিলৰ সদস্য নৱ কোঁৱৰ, তাপস চক্ৰৱৰ্তী আৰু শৈবাল সেনগুপ্তাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments