চাবুৱাৰ পৰা ধৰণী গগৈৰ প্ৰতিবেদন
আত্মৰক্ষাৰ বাবে সমৰকলা অতি জৰুৰী ৷ ডিব্ৰুগড় জিলা কাৰাটে সন্হাৰ অধীনৰ মদাৰখাত কাৰাটে একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলৰ বেল্ট গ্ৰেডিং পৰীক্ষা দেওবাৰে ৰমাই কদ্দৈবাম গাঁৱৰ খেলপথাৰত অনুষ্ঠিত হৈ যায় ৷ দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত বেল্ট গ্ৰেডিং পৰীক্ষাত ১১০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় ৷ বেল্ট গ্ৰেডিং পৰীক্ষাৰ অন্তত মদাৰখাত কাৰাটে একাডেমীৰ সভাপতি বিনয় সেনাপতিৰ সভাপতিত্বত বেল্ট প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ৷ বেল্ট গ্ৰেডিং পৰীক্ষাত উত্তীৰ্ণ প্ৰশিক্ষাৰ্থীসকলক বেল্ট প্ৰদান কৰা হয় ৷ উক্ত পৰীক্ষাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকি ডিব্ৰুগড় জিলা কাৰাটে সন্হাৰ সম্পাদক নীৰেণ ফুকন, ডিব্ৰুগড় জিলা কাৰাটে সন্হাৰ যুটীয়া সম্পাদক তথা টেঙাখাত কাৰাটে একাডেমুৰ প্ৰশিক্ষক বিশ্বজিত সোনোৱাল, ডিব্ৰুগড় জিলা কাৰাটে সন্হাৰ সহ সম্পাদক তথা বকুল কাৰাটে একাডেমীৰ প্ৰশিক্ষক সুনীল দত্ত, ডিব্ৰুগড় জিলা কাৰাটে সন্হাৰ সহ সম্পাদক তথা মদাৰখাত কাৰাটে একাডেমীৰ প্ৰশিক্ষক বাবুল দত্তই প্ৰশিক্ষাৰ্থীসকলক বেল্ট প্ৰদান কৰে ৷