Tuesday, October 4, 2022
HomeNewsবঙাইগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে কাৰাটেৰ প্ৰশিক্ষণ :২০০ প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ

বঙাইগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে কাৰাটেৰ প্ৰশিক্ষণ :২০০ প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ

অলিম্পিয়া প্ৰতিবেদন ,বঙাইগাওঁ

নামনি অসমৰ ব্যৱসায়িক চহৰ বঙাইগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে বাৰ্ষিক কাৰাটে ট্ৰেইনিং কেম্প অনুষ্ঠিত হয় । বঙাইগাঁও জিলা ছিছেইকান ছিটো ৰিউ কাৰাটে এছচিয়েচনৰ উদ্যোগত চিলাৰায় ইনড’ৰ ষ্টেডিয়ামত যোৱা ২ আৰু ৩ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত প্ৰশিক্ষণ কেম্পত কাৰাটে ইণ্ডিয়া এছচিয়েছনৰ অধ্যক্ষ তথা বিশ্ব কাৰাটে ফেডাৰেচন আৰু এছিয়ান কাৰাটে ফেডাৰেচনৰ ৰেফাৰী তথা জাজ পদত কাৰ্যনিৰ্বাহ কৰি থকা অষ্টম ডান ব্ল্যাক বেল্ট (জাপান) হানছি প্ৰেমজিৎ সেনে অংশগ্ৰহণ কৰি প্ৰশিক্ষণ প্ৰদান কৰে । প্ৰায় ২০০ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰশিক্ষণ কেন্দ্ৰত হানছি প্ৰেমজিৎ সেনে প্ৰশিক্ষাৰ্থীসকলৰ মাজত ব্লেক বেল্ট পৰীক্ষা অনুষ্ঠিত কৰে । ব্লেক বেল্টৰ উক্ত পৰীক্ষাত ছেকেণ্ড ডান ব্লেক বেল্ট হিচাপে চেনোৰিটা হালদাৰ আৰু ফাৰ্ষ্ট ডান ব্লেক বেল্ট হিচাপে অদিতি ৰায় , মমী ৰায় আৰু ৰৌণক শৰ্মা উত্তীৰ্ণ হয় । আত্মৰক্ষাৰ কৌশল হিচাপে জনাজাত কাৰাটেক উঠি অহা প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ উপৰি কাৰাটেৰ ছাত্ৰ – ছাত্ৰীসকলৰ কৰ্ম দক্ষতাৰ বিকাশ সাধন কৰা আৰু নতুন নতুন কৌশল আয়ত্ব কৰাই এই প্ৰশিক্ষণ কৰ্মশালাৰ মূল উদ্দেশ্য বুলি উদ্যোক্ত সকলে ব্যক্ত কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments