Tuesday, October 4, 2022
HomeNewsগুৱাহাটীত সম্পন্ন ব্লেক বেল্ট আৰু কাই ব্লেক বেল্টৰ পৰীক্ষা

গুৱাহাটীত সম্পন্ন ব্লেক বেল্ট আৰু কাই ব্লেক বেল্টৰ পৰীক্ষা

কাৰাটে এছোচিয়েচন অৱ ইণ্ডিয়া আৰু ইউনাইটেড কাৰাটে ডো এছোচিয়েচন অসমৰ দ্বাৰা স্বীকৃতপ্ৰাপ্ত ইউনাইটেড কাৰাটে ডো ফেডাৰেচন অৱ ইণ্ডিয়া অসম শাখাৰ ব্লেক বেল্ট, আৰু কাই ব্লেক বেল্টৰ পৰীক্ষা ৰবিবাৰে অনুষ্ঠিত হৈ যায় গুৱাহাটীৰ পাঞ্জাবাৰীৰ বালিৰাম ভৱনত। ফেডাৰেচনৰ মুৰব্বী ছেনছেই দীপাংকৰ মজুমদাৰৰ তত্বাৱধানত অনুষ্ঠিত হোৱা এই পৰীক্ষাত সফলতাৰে প্ৰথম ডান ব্লেক বেল্ট লাভ কৰে অংকিতা মালাকাৰ, উদ্দীপ্তৰাজ মালাকাৰ, তানিয়া নাৰ্গিছ, মানসপ্ৰতীম দাস, প্ৰীতম মালাকাৰ, ৰোহিত মালাকাৰ, এনিশা দাস, ভাস্কৰজ্যোতি দাস, দিপু পাটোৱাৰী আৰু পৰাণজ্যোতি দাসে। ইয়াৰোপৰি ‘কাই’ৰ প্ৰথম ডান ব্লেক বেল্ট লাভ কৰে ছানি কুমাৰ দাস, ধ্ৰুৱজ্যোতি দাস, কৰিশ্মা দাস, উদ্দীপ্তৰাজ মালাকাৰ, অংকিতা মালাকাৰে। উক্ত পৰীক্ষাত ইউনিভাৰ্চেল কাৰাটে ডো ফেডাৰেচনৰ সাধাৰণ সম্পাদক ছেনছেই মণ্টু ওজা আৰু এছ চি কে এফ আই( SCKFI)ৰ অসমৰ মুখ্য প্ৰশিক্ষক ছেনছেই জিতু চৌধুৰী উপস্থিত থাকে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments