Tuesday, October 4, 2022
HomeNewsৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত জিলিকিছে উদীয়মান কাৰাটে খেলুৱৈ হেম্ফু

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত জিলিকিছে উদীয়মান কাৰাটে খেলুৱৈ হেম্ফু

এটি কণমানি। নাম তাৰ হেম্ফু বংজাং। পিতৃ নগেন বংজাং ৰাজ্যৰ এজন দক্ষ কাৰাটে প্ৰশিক্ষক, প্ৰাক্তন খেলুৱৈ। পিতৃৰ পদাংক অনুসৰণ কৰিয়েই হেম্ফুও আগবাঢ়ি গৈছে সমৰকলাৰ ক্ষেত্ৰখনত। পিতৃ নগেন বংজাঙৰ তত্বাৱধানত কাৰাটে খেলিবলৈ লোৱা হেম্ফুই এতিয়া নিজ ক্ৰীড়া প্ৰতিভাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়টো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ২০১৮ চনত দক্ষিণ আফ্ৰিকাৰ ডাৰবানত অনুষ্ঠিত নৱম কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত অংশ লৈ হেম্ফুৱে এটা সোণ আৰু দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ কাৰাটে খেলুৱৈ হোৱাৰো গৌৰৱ অৰ্জন কৰে উদীয়মান খেলুৱৈগৰাকীয়ে।

খেলুৱৈ হিচাবে হেম্ফুৱে জীৱনৰ প্ৰথমটো সফলতা অৰ্জন কৰিছিল কামৰূপ মেট্ৰো জিলা কাৰাটেত। ইয়াৰ পিছত আৰু উভতি চাব লগীয়া হোৱা নাই হেম্ফুই। বহুকেইখন ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লৈ পদক অৰ্জন কৰা ক্ৰীড়া প্ৰতিভাগৰাকীয়ে ২০১৮ চনতে ক্ৰুৱেছিয়াত অনুষ্ঠিত একাদশ বিশ্ব যুৱ কাপ কাৰাটে চেম্পিয়নশ্বিপত ৰূপৰ পদক দখল কৰি সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ক্ৰীড়াক্ষেত্ৰত হেম্ফুৰ এই যাত্ৰা অপ্ৰতিৰোধ্য হওঁক।https://olympiasports.in/ তৰফৰ পৰা হেম্ফুলৈ থাকিল শুভকামনা

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments