Monday, October 3, 2022
HomeNewsকাৰ্বি আংলঙৰ ডিফুত চলিছে তৃণমূল পৰ্যায়ত বেডমিণ্টন প্ৰশিক্ষণ ।

কাৰ্বি আংলঙৰ ডিফুত চলিছে তৃণমূল পৰ্যায়ত বেডমিণ্টন প্ৰশিক্ষণ ।

কাৰ্বি আংলঙৰ ডিফুত চলিছে তৃণমূল পৰ্যায়ত বেডমিণ্টন প্ৰশিক্ষণ ।

নমিতা গোস্বামীৰ ৰিপোৰ্ট, অলিম্পিয়া স্পৰ্টছ: কাৰ্বি আংলঙৰ ডিফুত চলিছে তৃণমূল পৰ্যায়ত বেডমিণ্টন প্ৰশিক্ষণ । ” কেটচছ ডেম য়ং” আঁচনি গ্ৰহণ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ । ১২ বছৰ অনূৰ্দ্ধ খেলুৱৈক বাছনি । নিৰ্বাচিত ২৫ গৰাকী শিশুক প্ৰশিক্ষণ ২ অভিজ্ঞ প্ৰশিক্ষকৰ । দুবছৰীয়া বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কাছাৰ । কাৰ্বি আংলং ক্ৰীড়া সন্থা চমুকৈ ‘কাছা’ই কণ কণ শিশুক লৈ দুবছৰীয়া এক বিশেষ বেডমিণ্টন প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। “কেটচ ডেম য়ং” আঁচনিৰে তৃণমূল পৰ্যায়ৰ পৰা উন্নত প্ৰশিক্ষণ প্ৰদান কৰাই ইয়াৰ মূল উদ্দেশ্য । কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সম্পাদক পংকজ টেৰণ আৰু বেডমিণ্টন শাখাৰ সম্পাদক কেনচিং ইংতিয়ে গ্ৰহণ কৰিছে এই বিশেষ আঁচনি ।

আৰু অধিক পঢ়ক

প্ৰশিক্ষণ প্ৰদানৰ বাবে অনা হৈছে দেশৰ দুগৰাকী অভিজ্ঞ বেডমিণ্টন প্ৰশিক্ষক । তেওঁলোক হ’ল– মধ্যপ্ৰদেশৰ অক্ষয় মিশ্ৰ আৰু চট্টিশগড়ৰ ৰাম শংকৰ মাথুৰ । এই সম্পৰ্কত যোৱা ২২ এপ্ৰিলত ডিফুত উপস্থিত হয় ভাৰতীয় বেডমিণ্টন সন্থা (বাই) ৰ সম্পাদক স্বয়ং সঞ্জয় মিশ্ৰ । পিছদিনা অৰ্থাৎ ২৩ এপ্ৰিলত ‘বাই’ ৰ সম্পাদক গৰাকীক সম্বৰ্ধনা জনায় কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা অসম বেডমিণ্টন সন্থাৰ কাৰ্যকৰী সভাপতি তুলিৰাম ৰংহাং আৰু ‘কাছা’ৰ সম্পাদক পংকজ টেৰণে । ১২ বছৰ অনূৰ্দ্ধ প্ৰায় ২৫ গৰাকী কণ কণ শিশুক বেডমিণ্টনৰ আদিপাঠ দিবলৈ পাই আনন্দিত দুই অভিজ্ঞ প্ৰশিক্ষক।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

দেশৰ আন অংশৰ তুলনাত উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈৰ খেলৰ প্ৰতি ধাউতি দেখি তেওঁলোকে যে এদিন দেশৰ নাম উজ্বলাব পাৰিব সেই আশাও ব্যক্ত কৰিলে প্ৰশিক্ষকে । তেওঁলোকৰ মতে উত্তৰ পূৰ্বাঞ্চলৰ এই শিশুসকল যথেষ্ট শক্তিশালী আৰু বিজ্ঞাসন্মত প্ৰশিক্ষণ দিব পাৰিলে এদিন তেওঁলোক দেশৰ সম্পদ হ’ব ।

ক্ৰীড়া অনুৰাগীৰ আশা– ডিফুত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা কণ কণ বেডমিণ্টন খেলুৱৈসকলে বিশ্ব বেডমিণ্টনত অসম তথা দেশৰ গৌৰৱ উজ্জ্বল কৰক । কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ এই প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে । ক্ৰীড়া সন্থাৰ এই প্রচেষ্টাই এদিন যে সফল হ’ব তাত কোনো সন্দেহ নাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven + 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments