Tuesday, October 4, 2022
HomeNewsকেৰলি: এখন হাতেৰে অলিম্পিক স্বৰ্ণ জিকাৰ এক অদমনীয় কাহিনী

কেৰলি: এখন হাতেৰে অলিম্পিক স্বৰ্ণ জিকাৰ এক অদমনীয় কাহিনী


কাহিনীটো হাংগেৰীৰ। এজন শ্বুটাৰৰ স্বপ্ন জয়ৰ এক শিহৰণকাৰী কাহিনী। হাংগেৰীৰ সেনাবাহিনীত চাৰ্জেণ্ট ৰূপে কৰ্মৰত আছিল যুৱকজন। এজন সুঠাম, শক্তিশালী দেহৰ অধিকাৰী আছিল যুৱকজন। সোঁহাতখনত যেন কোনো যাদুহে আছিল। যিকোনো লক্ষ্যকে অনায়াসে ভেদ কৰিবলৈ সক্ষমতা ৰখা সোঁহাতখনৰ নিপুণতাই ইতিমধ্যে যুৱকজনক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰেপিড ফায়াৰ পিষ্টল শ্বুটিং চেম্পিয়নশ্বিপত বিভিন্ন পদক লাভৰ সোৱাদ দিবলৈ সক্ষম হৈছিল। যুৱকজনে শ্বুটিঙৰ ৰেঞ্জত দেখুওৱা এনে পাৰদর্শিতাৰ বাবে সমগ্ৰ হাংগেৰীবাসীৰ বাবে এটা আশাৰ নাম হৈ ধৰা দিছিল যুৱকজনে।

১৯৩৮ চন। সেই সময়ত কেৰলী বিশ্বৰ এজন আগশাৰীৰ শ্বুটাৰ হিচাপে সকলোতে পৰিচিত। তেনে সময়তে এদিন হাংগেৰিয়ান সেনাবাহিনীৰ এক বিশেষ প্ৰশিক্ষণৰ বাবে যাব লগা হ’ল কেৰলী। প্ৰশিক্ষণকালত এটা হেণ্ড গ্ৰেণেড দুৰ্ঘটনাবশত: কেৰলীৰ সোঁহাতখনতে বিস্ফোৰণ ঘটিল। বিস্ফোৰণত কেৰলীৰ যাদুকৰী সোঁহাতখনৰ চিন-মোকাম প্ৰায় নোহোৱাৰ দৰেই হৈ পৰিল। ইয়াৰ লগে লগে কেৰলীৰ অলিম্পিকৰ সপোন, হাংগেৰীবাসীৰ কেৰলীৰ ওপৰত থকা আশা-ভৰসা আদি সকলো নিমিষতে চূৰমাৰ হৈ গ’ল।


প্ৰায় এমাহ হাস্পতালৰ বিচনাত কটাই সোঁহাত হেৰুওৱা তথা অলিম্পিকৰ সপোন থান বান হোৱাৰ দুখত কেৰলী ম্ৰিয়মান হৈ পৰিল ঠিকেই, কিন্তু কেৰলীৰ হাতৰ মুঠিৰ পৰা তেতিয়াও এটা বস্তু হেৰাই যোৱা নাছিল। সেয়া আছিল কেৰলীৰ দৃঢ়তাৰে ভৰা মনটো। কিন্তু শ্বুটিঙৰ বাবে আটাইতকৈ নিৰ্ভৰযোগ্য হাতখন হেৰুওৱাৰ পিছত কিয়েই বা বাকী থাকিল! এয়া আমাৰ দৰে সাধাৰণ মানুহৰ মনত সৃষ্টি হ’ব পৰা এক প্ৰশ্নহে। কেৰলীৰ বাবে তেতিয়াও সম্ভাৱনাৰ আন এখন দুৱাৰ খোলা আছিল। সেয়া আছিল তেওঁৰ বাওঁহাতখন।

জীৱন যুঁজত হাৰ মানিব নোখোজাজনে হাজাৰ প্ৰতিবন্ধকতাৰ মাজতো বিচাৰি পায় আগুৱাই যোৱাৰ পথ। কেৰলী টেকাছ আছিল দৃঢ় মনৰ যুঁজাৰু। যি সমুখত এতিয়া আশাৰ ৰেঙণি হিচাবে দেখা পাইছিল নিজৰ বাওঁহাত খনক। কেৰলীয়ে সকলোৰে দৃষ্টিৰ আঁতৰত বাওঁহাতখনেৰে শ্বুটিঙৰ অভ্যাস কৰাত লাগি পৰিল। আনৰ পৰা নিৰুৎসাহজনক কথা শুনিব লাগে বুলিয়েই সকলোৰে দৃষ্টিৰ আঁৰত তেওঁ শ্বুটিঙৰ অভ্যাস কাৰ্য চলাই থাকিল।

১৯৩৯ চনৰ বসন্ত কালত হাংগেৰীত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পিষ্টল চেম্পিয়নশ্বিপ। তাতেই দেখা পোৱা গ’ল কেৰলীক। খেলত অংশগ্ৰহণ কৰিবলৈ যোৱা আন খেলুৱৈসকলে কেৰলীক দেখা পাই উৎসাহিত অনুভৱ কৰিলে। ইমানখিনিৰ পিছতো কেৰলীয়ে তেওঁলোকৰ খেল উপভোগ কৰিবলৈ অহা দেখি তেওঁলোকে কেৰলীক ধান্যবাদ জনালে। কিন্তু সকলোকে আচৰিত কৰি কেৰলীয়ে ঘোষণা কৰিলে যে তেওঁ খেল উপভোগ কৰিবলৈ অহা নাই, বৰঞ্চ খেলত অংশগ্ৰহণ কৰিবলৈহে আহিছে। বাওঁহাতেৰে শ্বুটিঙ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাই নহয় জয়লাভ কৰি কেৰলীয়ে সকলোকে আচৰিত কৰি তুলিলে। পুনৰ হাংগেৰীবাসীৰ মনত আশাৰ সঞ্চাৰ হ’ল কেৰলীক লৈ। কেৰলীৰ লগতে হাংগেৰীবাসীয়েও পুনৰ অলিম্পিকৰ সপোন ৰচিবলৈ সাহস পালে।

১৯৪০ চনত টকিঅত অলিম্পিক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও দ্বিতীয় বিশ্বযুদ্ধৰ বাবে অনুষ্ঠিত ন’হল। পুনৰ অপেক্ষা ১৯৪৪ লৈ। সেইবোৰো অনুষ্ঠিত ন’হল অলিম্পিক। পুনৰ কেৰলীৰ অলিম্পিকৰ সপোন এঢাপ পিছুৱাই গ’ল। আকৌ অনিশ্চয়তাৰ এক দীঘলীয়া সময়। তথাপি কেৰলীয়ে অনুশীলন ত্যাগ নকৰিলে। অৱশেষত আহি পালে ১৯৪৮ চনৰ অলিম্পিক। ৪৮ ৰ লণ্ডন অলিম্পিকলৈ কোৱালিফাই কৰি ৩৮ বছৰ বয়সত পিষ্টল শ্বুটিঙ ইভেণ্টত এক নতুন ৰেকৰ্ডৰ সৈতে সোণৰ পদক দখল কৰিবলৈ সক্ষম হ’ল কেৰলী। আৰু ইয়াৰ লগে লগে হাজাৰজনৰ প্ৰেৰণাৰ উৎস হৈ পৰে কেৰলী। সোঁহতীয়া শ্বুটাৰজনে নিজৰ নিৰ্ভৰযোগ্য হাতখন হেৰুওৱাইও বাওঁহাতেৰে অনুশীলন কৰি কেৱল এবাৰেই নহয় দুবাৰকৈ অলিম্পিকত স্বৰ্ণ অৰ্জন কৰিবলৈ সক্ষম হয়। ১৯৪৮ৰ পিছত ১৯৫২ ৰ অলিম্পিকতো স্বৰ্ণ জয় কৰে কেৰলীয়ে। কেৰলীৰ সংঘৰ্ষময় জীৱনৰ এনে বৰ্ণময় অভিজ্ঞতা সকলোৰে বাবে প্ৰেৰণাৰ উৎস হৈ ৰ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments