Sunday, October 2, 2022
HomeNewsকাছমাৰীত প্ৰাইজমানি ফুটবল পূৰ্ণগতিত।দলংঘাট এফ.চি.ৰ অগ্ৰগতি।

কাছমাৰীত প্ৰাইজমানি ফুটবল পূৰ্ণগতিত।দলংঘাট এফ.চি.ৰ অগ্ৰগতি।

অলিম্পিয়া প্ৰতিবেদন

নগাঁও জিলাৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সংঘৰ সৌজ্যনত পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত পূৰ্ণগতিত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ দলংঘাট এফ.চি.য়ে অগ্ৰগতি লাভ কৰিছে। এই প্ৰতিযোগিতাৰ বুধবাৰৰ খেলত দলংঘাট ফুটবল ক্লাৱে কহিগুৰি ফুটবল ক্লাৱক ২-১গ’লত পৰাজিত কৰে।

খেলখনত দলংঘাট এফ.চি.ৰ হৈ গ’ল দুটা পৰমা বৰদলৈ(১০মিনিট) আৰু বিজয় বৰদলৈ(৫৮মিনিট)য়ে দিয়াৰ বিপৰীতে কহিগুৰি এফ.চি.ৰ হৈ গ’লটো দিয়ে দীপজ্যোতি বৰদলৈ(২১মিনিট)য়ে। খেলখন পৰিচালনা কৰাত ৰেফাৰী বিপ্লৱ কোঁৱৰক সহায় কৰে বিষ্ণু বৰদলৈ,সমীৰ বৰদলৈ আৰু কণ্ঠী ৰাজা(চতুৰ্থ)ই।

মুঠ-২৭টা দলে যোগদান কৰা এই প্ৰতিযোগিতাৰ বৃহস্পতিবাৰৰ খেলত ফুলগুৰি ফুটবল দলে টকৌবাৰী এফ.চি.’বি’ দলৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব বুলি আয়োজক সমিতিৰ সভাপতি স্বৰূপ ডেকাই জনাইছে।

✍️দীপশিখা বৰা হাজৰিকা

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments