Wednesday, August 10, 2022
HomeNewsমুস্তাক আলী টি-টুৱেন্টি; কেৰালাৰ হাতত অসম পৰাস্ত

মুস্তাক আলী টি-টুৱেন্টি; কেৰালাৰ হাতত অসম পৰাস্ত

অলিম্পিয়া প্ৰতিবেদন

ক্ৰমাগত দুখন মেচত জয়ী হোৱাৰ পিছত সোমবাৰে গ্ৰুপ ‘ডি’ৰ এখন মেচত কেৰালাৰ বিৰুদ্ধে অসম ৮ উইকেটত পৰাস্ত হয়।ছৈয়দ মুস্তাক আলী ট্ৰফী টি-“টুৱেন্টি ক্ৰিকেট টুৰ্ণামেণ্টত সঞ্জু ছেমচন নেতৃত্বাধীন কেৰালাই জয়ৰ সূত্ৰে চাৰি পইণ্ট অর্জন কৰে। নতুন দিল্লীত অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত অসমে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত ৮ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১২১ ৰান। দলৰ হৈ অধিনায়ক ৰিয়ান পৰাগে ২৪, ছাহিল জৈনে ২১, অপেনাৰ পল্লৱ কুমাৰ দাসে ১৬ আৰু টেইল এণ্ডাৰত ৰোছন আলমে ১৪ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰতিপক্ষৰ বাছিল থাম্পিয়ে ৩ টা আৰু জালাজ ছাক্সেনাই ২ টা উইকেট লাভ কৰে।

প্ৰত্যুত্তৰত কেৰালাই ১৮ অভাৰত মাত্ৰ ২ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য পূৰণ কৰে। দলটোৰ হৈ অপেনাৰ ৰোহন এছ কুন্নুমাল্লে ৫৬ ৰানত অপৰাজিত হৈ ৰ’লেও অধিনায়ক সঞ্জু ছেমচনে ৰিয়ান পৰাগৰ বলত ছাহিল জৈনৰ হাতত কেটছ তুলি দি ১৪ ৰানত আউট হয়। অসমৰ হৈ আনটো উইকেট দখল কৰে ৰাজকুদ্দিন আহমেদে। অসমে এতিয়া পৰৱৰ্তী মেচত মংগলবাৰে দিনৰ ১২ বজাৰ পৰা ৰেলৱেৰ বিৰুদ্ধে খেলিব। মেচখন অনুষ্ঠিত হ’ব পালামৰ এয়াৰফৰ্চ কমপ্লেক্স গ্ৰাউণ্ডত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments