Thursday, July 7, 2022
HomeNewsএইখন ভাৰততে মাৰাড'নাৰ নামত সংৰক্ষিত হ'ল এক হোটেলকক্ষ

এইখন ভাৰততে মাৰাড’নাৰ নামত সংৰক্ষিত হ’ল এক হোটেলকক্ষ

কেৰেলাৰ এখন হোটেলৰ এটা কোঠাক সংৰক্ষিত কৰা হ’ল মহান ফুটবলাৰ মাৰাড’নাৰ নামত। নৱেম্বৰৰ ২৫ তাৰিখে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লোৱা শতিকাৰ শ্ৰেষ্ঠ ফুটবলাৰগৰাকীলৈ শ্ৰদ্ধাৰ চিনৰূপে এইদৰে কেৰেলাৰ ‘ব্লু নাইল’ শীৰ্ষক হোটেলৰ ৩০৯ নং কোঠাটোক চিৰদিনলৈ সংৰক্ষণ কৰি ৰখা হ’ল।

২০১২ চনত যেতিয়া মাৰাড’নাই কেৰেলা ভ্ৰমণ কৰিছিল, তেতিয়া তেওঁ হোটেল ব্লু নাইলৰ সেই বিশেষ কোঠাটোতে দুটাকৈ নিশা যাপন কৰিছিল। সেই সময়ত তেওঁ ব্যৱহাৰ কৰা কোঠাটোৰ সকলো আচবাব, তথা সা-সামগ্ৰীক বিশেষভাবে সংৰক্ষণ কৰি ৰাখিছে হোটেল কৰ্তৃপক্ষই।

আনকি তেওঁলোকে সেই কোঠাটোৰ নাম ৰখা হয় ‘মাৰাড’না ছুইট’। কোঠাটোত তেওঁ ব্যৱহাৰ কৰা বাতৰি কাকত, চিগাৰ, কাপ প্লেট, বেডশ্বিট, অনুৰাগীয়ে উপহাৰ দিয়া বিভিন্ন ছবি ইত্যাদি বিশেষ যত্নৰে ৰখা হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments