Wednesday, October 5, 2022
HomeNews'এ কাজিৰঙা ষ্ট'ৰী' - কেমেৰা হাতত লৈ অসমলৈ আহিব ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ...

‘এ কাজিৰঙা ষ্ট’ৰী’ – কেমেৰা হাতত লৈ অসমলৈ আহিব ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছেন

ইংলেণ্ডৰ এসময়ৰ বিস্ফোৰক বেটছমেন কেভিন পিটাৰছেনৰ হাতত আজিকালি দেখা পোৱা নাযায় বেট। বেটছমেনজনৰ হাতত তাৰ বিপৰীতে আজিকালি দেখা পোৱা যায় কেমেৰাহে।

দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা কেভিন পিটাৰছেনৰ নাম নুশুনা ব্যক্তি হয়টো নাই। ক্ৰিকেটৰ অনুৰাগীসকলে পিটাৰছেনক পাহৰা প্ৰশ্নই নুঠে। দক্ষিণ আফ্ৰিকাত জন্ম লাভ কৰিলেও কেভিন পিটাৰছেনে ক্রিকেটত ইংলেণ্ডকহে প্ৰতিনিধিত্ব কৰিছিল। ২০০৫ চনত আন্তঃৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰৰ আৰম্ভ কৰা পিটাৰছেনে তেওঁৰ কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল ২০১৩ চনৰ ১৬ ছেপ্টেম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। ক্ৰিকেট কেৰিয়াৰ সামৰিয়েই এসময়ৰ ইংলেণ্ড ক্ৰিকেট দলৰ অধিনায়কজন উভতি যায় জন্মভূমি দক্ষিণ আফ্ৰিকালৈ। আফ্ৰিকালৈ গৈয়েই পিটাৰছেনে আৰম্ভ কৰে তেওঁৰ জীৱনৰ দ্বিতীয় ইনিংছ।

পূৰ্বৰে পৰা বন্যপ্ৰাণীৰ প্ৰতি থকা ভালপোৱাৰ বাবেই বৰ্তমান পিটাৰছেন ব্যস্ত বন্যপ্ৰাণী সুৰক্ষা তথা সংৰক্ষণৰ কামত। বিশেষকৈ সঘনে চোৰাং চিকাৰীৰ বলি হোৱা গঁড়ৰ সংৰক্ষণৰ বাবে যোৱা সাত বছৰে কাম কৰি আহিছে এইজন প্ৰাক্তন ক্ৰিকেটাৰে। আফ্ৰিকাত গঁড় সংৰক্ষণত ব্যস্ত পিটাৰছেনৰ পৰৱৰ্তী লক্ষ্য কাজিৰঙাৰ গঁড় সংৰক্ষণৰ ওপৰত কাম কৰাৰ।

যোৱা ২৪ তাৰিখে প্ৰাক্তন খেলুৱৈগৰাকীয়ে কৰা এটা বিশেষ টুইটে তাৰেই ইংগিত বহন কৰিছে। টুইটটোত পিটাৰছেনে উল্লেখ কৰা মতে তেওঁ শীঘ্ৰেই ভাৰতৰ কাজিৰঙালৈ আহিব। উদ্দেশ্য তেওঁৰ ‘এ কাজিৰঙা ষ্টৰী’ শীৰ্ষক এখনি তথ্যচিত্ৰ নিৰ্মান কৰা।এই ঘোষণা কাৰ্যকৰী কৰাৰ বাবে অহা ৪ মাৰ্চত কেভিন পিটাৰছেন কাজিৰঙাত আহি উপস্থিত হোৱাৰ কথা। এই কথা জনায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকে। ১২ মাৰ্চলৈকে কাজিৰঙাত থাকি পিটাৰছেনে কাজিৰঙাৰ বিভিন্ন বিদ্যালয়লৈ যোৱাৰ লগতে অৰণ্যখনৰ চাৰিও দিশ পৰিভ্ৰমণ কৰিব।

এনেদৰেই এতিয়া প্ৰসিদ্ধ ক্ৰিকেটাৰ গৰাকীৰ কৰ্মজীৱনত সন্নিবিষ্ট হ’ল কাজিৰঙাৰ নামটো। আশা কৰিব পাৰি কাজিৰঙাৰ গঁড়ৰ ওপৰত নিৰ্মান কৰিবলৈ লোৱা পিটাৰছেনৰ তথ্যচিত্ৰৰ দ্বাৰা গঁড় নিধন সম্পৰ্কে সচেতনতা সৃষ্টি কৰিব পৰা যাব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments