Friday, September 30, 2022
HomeNewsবিশ্ব ক্ৰিকেটৰ সৰ্বকালৰ শ্ৰেষ্ঠ অধিনায়ক এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ : ক'লে পিটাৰছেনে

বিশ্ব ক্ৰিকেটৰ সৰ্বকালৰ শ্ৰেষ্ঠ অধিনায়ক এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ : ক’লে পিটাৰছেনে

olympiasports.in

বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ অধিনায়ক বাৰু কোন? এই প্ৰশ্নৰ উত্তৰ দিছে ই‌ংলেণ্ড দলৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছেনে। পিটাৰছেনে দুবাৰৰ বিশ্বকাপ বিজয়ী টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীক বিশ্বৰ সর্বকালৰ শ্রেষ্ঠ অধিনায়ক আখ্যা দিছে।

পিটাৰছেনে ষ্টাৰ স্প’ৰ্টছৰ এক অনুষ্ঠানত প্ৰসংগ ক্ৰমে কয় যে— ‘ধোনী নিঃসন্দেহে বিশ্ব ক্রিকেটৰ সর্বকালৰ শ্রেষ্ঠ অধিনায়ক ৷ তেওঁৰ মহানতাৰ বিৰুদ্ধে যুক্তি দর্শোৱাটো অত্যন্ত কঠিন কাম ৷ ‘আন্তঃৰাষ্ট্রীয় ক্রিকেটত মহেন্দ্র সিং ধোনীয়ে সফলতাৰ উচ্চ শিখৰ স্পর্শ কৰিছে৷ তেওঁৰ মহানতাৰ বিৰুদ্ধে যুক্তি প্রদর্শন কৰাটো একপ্রকাৰ অসম্ভৱ৷ তেওঁ ভাৰতীয় দলক আৰু চেন্নাই ছুপাৰ কিংছক যিদৰে নেতৃত্ব দিছিল, সেয়া প্রকৃতার্থত অতুলনীয়৷’

উল্লেখ্য যে কপিল দেৱৰ পিছতেইমহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বতে ভাৰতীয় ক্ৰিকেট দলে দুবাৰকৈ বিশ্বকাপ মন জয় কৰাৰ লগতে চমকপ্ৰদ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ভাৰতীয় ক্ৰিকেট দলটোৱে ধোনীৰ নেতৃত্বতে ২০০৭ৰ আই চি চি টি–২০ বিশ্বকাপ আৰু ২০১১ৰ এদিনীয়া বিশ্বকাপ জয় কৰাৰ লগতে ২০১৩ত আই চি চি চেম্পিয়নছ ট্রফীত চেম্পিয়নৰ খিতাপ দখল কৰিছিল৷ আইচিচিৰ আটাইকেইটা আগশাৰীৰ ট্রফী জয় কৰা ধোনী হ’ল বিশ্বৰ একমাত্র অধিনায়ক৷ আনহাতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগটো ধোনীৰ নেতৃত্বত চেন্নাইন ছুপাৰ কিংছে ঈৰ্ষণীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে‌।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 + fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments