Wednesday, October 5, 2022
HomeNewsহাৱাই চেণ্ডেল পিন্ধি কেভিন পিটাৰছেনে কি কৰিছে কাজিৰঙাত ?

হাৱাই চেণ্ডেল পিন্ধি কেভিন পিটাৰছেনে কি কৰিছে কাজিৰঙাত ?

হাৱাই চেণ্ডেল পৰিধান কৰি ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক তথা বিস্ফোৰক বেটছমেন কেভিন পিটাৰেছনক কাজিৰঙাত দেখিবলৈ পাইছে অনেক জনে। এই গৰাকী প্ৰাক্তন ক্ৰিকেটাৰে বাৰু হাৱাই চেণ্ডেল পৰিধান কাজিৰঙাত কি কৰিছে! আপোনাৰো নিশ্চয় জানিবলৈ মন গৈছে। পঢ়ক আমাৰ এই প্ৰতিবেদন

এবাৰ ভাৱকচোন পুৱা আপুনি কৰ্মস্থলীলৈ ওলাই গৈছে আৰু আপোনাৰ সন্মুখত বিশ্বৰ এগৰাকী বিখ্যাত ক্ৰিকেটাৰে হাৱাই চেণ্ডল পিন্ধি আপোনাৰ সন্মুখত উপস্থিত হৈছে ! আৰু সেই ক্ৰিকেটাৰগৰাকী যদি এগৰাকী বিদেশী ক্ৰিকেটাৰ হয় ! কেনে লাগিব বাৰু ? নিশ্চয় আচৰিত হ’ব। আচৰিত হোৱাৰে কথা।

আপুনি এনে পৰিস্থিতিৰ সন্মুখীন নহলেও কিন্তু বহু অসমীয়া লোক আজি এই পৰিবেশৰ সন্মুখীন হৈছে। কাষতে পাইছে এগৰাকী প্ৰিয় বিদেশী ক্ৰিকেটাৰক।

আজি পুৱাই কাজিৰঙাবাসী সন্মুখীন হ’ল এনে এক পৰিস্থিতিৰ। পুৱা সকলোৱে নিজৰ নিজৰ কামলৈ ওলাই গৈ সন্মুখতে পালে একালৰ ইংলেণ্ডৰ বিস্ফোৰক বেটছমেন কেভিন পিটাৰেছনক। প্ৰথমে বিশ্ব বিখ্যাত ক্ৰিকেটাৰ গৰাকীক তেনেদৰে কাষত পাই বহুতেই বিশ্বাসেই কৰা নাছিল তেওঁ যে বিশ্ব বিখ্যাত ক্ৰিকেটাৰ কেভিন পিটাৰেছন। কাৰণ ক্ৰিকেটাৰ গৰাকীয়ে পৰিধান কৰা পোচাক একেবাৰে ঘৰুৱা আছিল আৰু ভৰিত আছিল এযোৰ হাৱাই চেণ্ডেল। অৱশ্যে নিৰাপত্তাৰক্ষী আৰু সংবাদ মাধ্যমৰ জৰিয়তে সকলো নিশ্চিত হ’ল সেই জন যে কেভিন পিটাৰেছনেই।

হয়, অসমলৈ মানে কাজিৰঙালৈ আহিছে ইংলেণ্ডৰ প্ৰাক্তন বিস্ফোৰক বেটছমেন কেভিন পিটাৰেছন। ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত এতিয়া পিটাৰেছনে বন্যপ্ৰাণী সুৰক্ষা তথা সংৰক্ষণৰ কামত ব্যস্ত হৈ পৰিছে। বিশেষকৈ সঘনে চোৰাং চিকাৰীৰ বলি হোৱা গঁড়ৰ সংৰক্ষণৰ বাবে কাম আৰম্ভ কৰিছে এইগৰাকী প্ৰাক্তন বিস্ফোৰক ইংৰাজ বেটছমেনে।


হাৱাই চেণ্ডেল পৰিধান কৰি কাজিৰঙাত পিটাৰেছন

ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰেছন যে জন্ম সূত্ৰে দক্ষিণ আফ্ৰিকাৰ সেই কথা হয়তো বহুতেই নাজানে। অৱশ্যে দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ ৰিলেও পিটাৰেছনে ইংলেণ্ড দলকেই ক্ৰিকেটত প্ৰতিনিধিত্ব কৰি আহিছে। ২০০৫ চনত আন্তঃৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰৰ আৰম্ভ কৰা পিটাৰছেনে তেওঁৰ কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল ২০১৩ চনৰ ১৬ ছেপ্টেম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। অৱসৰ গ্ৰহণৰ পিছতেই এতিয়া এইগৰাকী ক্ৰিকেটাৰ পুনৰ দক্ষিণ আফ্ৰিকালৈ উভতি আহিছে।

দক্ষিণ আফ্ৰিকালৈ উভতি অহাৰ পিছতেই এতিয়া এসময়ৰ বিস্ফোৰক বেটছমেন কেভিন পিটাৰছেনৰ হাতত ক্ৰিকেটৰ বেটৰ পৰিবৰ্তে দেখা পোৱা যায় কেমেৰাহে।

পূৰ্বৰে পৰা বন্যপ্ৰাণীৰ প্ৰতি থকা ভালপোৱাৰ বাবেই বৰ্তমান পিটাৰছেন ব্যস্ত বন্যপ্ৰাণী সুৰক্ষা তথা সংৰক্ষণৰ কামত। বিশেষকৈ সঘনে চোৰাং চিকাৰীৰ বলি হোৱা গঁড়ৰ সংৰক্ষণৰ বাবে যোৱা সাত বছৰে কাম কৰি আহিছে এইজন প্ৰাক্তন ক্ৰিকেটাৰে। আফ্ৰিকাত গঁড় সংৰক্ষণত ব্যস্ত পিটাৰছেনৰ বৰ্তমান লক্ষ্য কাজিৰঙাৰ গঁড় সংৰক্ষণৰ ওপৰত কাম কৰাৰ।

যোৱা ২৪ তাৰিখে প্ৰাক্তন খেলুৱৈগৰাকীয়ে এটা বিশেষ টুইটৰ জৰিয়তে কাজিৰঙালৈ অহাৰ কথা প্ৰকাশ কৰিছেল। টুইটটোত পিটাৰছেনে উল্লেখ কৰিছিল যে তেওঁ শীঘ্ৰেই ভাৰতৰ কাজিৰঙালৈ আহিব। উদ্দেশ্য তেওঁৰ ‘এ কাজিৰঙা ষ্টৰী’ শীৰ্ষক এখনি তথ্যচিত্ৰ নিৰ্মান কৰা। লগতে তেওঁ চাৰি মাৰ্চত কাজিৰঙাত আহি উপস্থিত হোৱাৰ কথাও কৈছিল।

পিটাৰেছনৰ এই ঘোষণা অনুসৰিয়েই সময়মতেই কাজিৰঙাত উপস্থিত হ’লহি পিটাৰেছন। তথ্য চিত্ৰ নিৰ্মাণৰ বাবে কাজিৰঙালৈ অহা কেভিন পিটাৰেছন ৰাষ্ট্ৰীয় উদ্দ্যানখনত ১২ মাৰ্চলৈকে থাকিব। এই সময়ছোৱাত ক্ৰিকেটাৰগৰাকীয়ে কাজিৰঙা পৰিভ্ৰমণ কৰাৰ লগতে বিভিন্ন বিদ্যালয় ভ্ৰমণ কৰাৰ উপৰিও কাজিৰঙাৰ কেউটা দিশ পৰিভ্ৰমণ কৰিব। এই কথা জনাইছে কাজিৰঙাৰ সঞ্চালকগৰাকীয়ে।

এনেদৰেই এতিয়া প্ৰসিদ্ধ ক্ৰিকেটাৰ গৰাকীৰ কৰ্মজীৱনত সন্নিবিষ্ট হ’ল কাজিৰঙাৰ নামটো। আশা কৰিব পাৰি কাজিৰঙাৰ গঁড়ৰ ওপৰত নিৰ্মান কৰিবলৈ লোৱা পিটাৰছেনৰ তথ্যচিত্ৰৰ দ্বাৰা গঁড় নিধন সম্পৰ্কে সচেতনতা সৃষ্টি কৰিব পৰা যাব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments