Tuesday, July 5, 2022
HomeNewsএতিয়াৰে পৰা পালন কৰা হ'ব খেলা হবে দিৱস!!

এতিয়াৰে পৰা পালন কৰা হ’ব খেলা হবে দিৱস!!

অলিম্পিয়া প্রতিবেদন

খেলা হবে। পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচনৰ তৃণমূল কংগ্ৰেছৰ শ্লোগান আছিল সেয়া। মমতা বেনাৰ্জীৰ নেতৃত্বত নিৰ্বাচন জিকাৰ মন্ত্ৰ আছিল ‘খেলা হবে’। সেই ‘খেলা হবে’ শ্লোগানেই এতিয়া পশ্চিমবংগত এটা বিশেষ দিৱস হিচাবে পালন কৰা হ’ব। পশ্চিমবঙ্গ চৰকাৰৰ এজন জ্যেষ্ঠ বিষয়াই উল্লেখ কৰিছে এই কথা। অৱশ্যে, খেলা হবে দিৱস কোনটো দিনত পালন কৰা হ’ব সেই কথা এই পৰ্যন্ত ঠিক কৰা নাই পশ্চিমবঙ্গ চৰকাৰে।

ইতিমধ্যে, খেলা হবে দিৱসত ৰাজ্যখনৰ বিভিন্ন ক্লাবক ৫০,০০০ টাকৈ ফুটবল উপহাৰ দিয়াৰ কথা ঘোষণা কৰা হৈছে। এই ফুটবলসমূহ ৰাজ্যৰ শৰণাৰ্থীসকলে হাতৰ তৈয়াৰী হ’ব। মূলতঃ ৰাজ্যৰ যুৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰি তোলাৰ উদ্দেশ্য আগত ৰাখিয়েই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইতিমধ্যে, জিলাৰ মূৰব্বীসকলক ক্লাবসমূহৰ নাম জমা দিবলৈ কোৱা হৈছে চৰকাৰৰ তৰফৰ পৰা। ৰাজ্যিক শৰণাৰ্থী হস্ত তাঁত বস্ত্ৰ শিল্প পৰিচালনা কমিটিৰ অধ্যক্ষ মানস চক্ৰৱৰ্তীয়ে ৰাজ্য চৰকাৰখনৰ এই পদক্ষেপক আদৰণি জনাইছে। তেওঁ কৈছে যে ৰাজ্য চৰকাৰৰ এই পদক্ষেপে ক্ৰীড়াৰ বিকাশ ঘটোৱাৰ উপৰিও ফুটবল নির্মাণকাৰী শৰণাৰ্থীসকলৰো উপকাৰ সাধিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 + 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments