অলিম্পিয়া প্ৰতিবেদন
ইতিমধ্যে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে দেশৰ আঠখন ৰাজ্যত খেল’ ইণ্ডিয়া উৎকৃষ্টতা কেন্দ্ৰ অৰ্থাৎ Khelo India State Centre of Excellence ৰ নিৰ্মাণৰ কাম হাতত লৈছে। সেই অনুসৰি প্ৰথম পৰ্যায়ত কৰ্ণাটক, উৰিষ্যা, কেৰেলা, তেলেংগানা, অৰুণাচল প্ৰদেশ, মণিপুৰ,মিজোৰাম আৰু নাগালেণ্ডত এই চেণ্টাৰসমূহ উন্নীতকৰণৰ কাম হাতত লোৱা হৈছে।
ইয়াৰ পিছত দ্বিতীয় পৰ্যায়ত অতি শীঘ্ৰেই কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে দেশৰ আন সাতখন ৰাজ্যতো এই চেণ্টাৰ উন্নীতকৰণৰ কাম হাতত ল’ব। সেইকেইখন ৰাজ্যৰ ভিতৰত আছে অসমৰ নামো। অসমৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পস্থিত ষ্টেট স্পৰ্টছ অথৰিটিটো খেল’ ইণ্ডিয়া উৎকৃষ্টতা কেন্দ্ৰ হিচাবে গঢ়ি তোলা হ’ব।
অসমৰ লগতে দ্বিতীয় পৰ্যায়ত এই সুবিধা লাভ কৰা আন ৰাজ্যকেইখন হৈছে মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, মেঘালয়, চিকিম, ডাদ্রা এণ্ড নগৰ হাভেলী, দমন আৰু দিও।
এই সুবিধা লাভ কৰাৰ পাছত এতিয়া উক্ত কেন্দ্ৰ সমূহত উন্নত মানৰ প্ৰশিক্ষক নিযুক্তি, প্রয়োজনীয় বিশ্ব মানৰ ক্ৰীড়া সামগ্ৰী যোগান তথা হাই পাৰফৰ্মেন্স মেনেজাৰ আদিৰ নিযুক্তি সম্ভৱ হৈ উঠিব।