অলিম্পিয়া প্ৰতিবেদন
দেশৰ ক’ভিড পৰিস্থিতি হঠাতে অৱনমিত হোৱাত হাৰিয়ানাত হ’বলগীয়া খেলো ইণ্ডিয়া য়ুথ গেমছ সাময়িকভাৱে স্থগিত ৰখা হৈছে । এই কথা জনাইছে খেলো ইণ্ডিয়া য়ুথ গেমছৰ সদস্যসচিব শিৱানন্দ মিশ্ৰই । ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ ছাইৰ শীৰ্ষ বিষয়া গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ২০২২ ৰ ৫ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ খেলো ইণ্ডিয়া য়ুথ গেমছ হাৰিয়ানাত অনুষ্ঠিত হোৱাৰ কথা আছিল । ক’ভিড পৰিস্হিতি নিয়ন্ত্ৰণলৈ আহিলে সুবিধাজনক সময়ত পুনৰ তাৰিখ ঘোষণা কৰা হ’ব । গুৱাহাটীৰ পাছত হাৰিয়ানাতে দেশৰ এই বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখন আয়োজন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । যুৱ প্ৰতিভাৰ সন্ধানৰ বাবে আয়োজিত খেলো ইণ্ডিয়া য়ুথ গেমছ স্থগিত ৰখা বিষয়টোৱে খেলুৱৈসকলৰ মনত গভীৰ চাপ পেলাইছে । হাৰিয়ানাৰ এই প্ৰতিযোগিতাখনৰ বাবে দেশৰ ক্ৰীড়া ফেডাৰেচনবোৰে খেলুৱৈৰ বাচনি কৰিও এতিয়া থমকি ৰ’ব লগা হৈছে । সকলোৰে আশা– দেশৰ ক’ভিডজনিত পৰিস্হিতি অনূকুল হলে হাৰিয়ানাৰ এই প্ৰতিযোগিতাখনে প্ৰাণ পাই উঠিব ।