অলিম্পিয়া প্ৰতিবেদন
সমাগত খেল’ ইণ্ডিয়া আন্ত:বিশ্ববিদ্যালয় বক্সিং টুৰ্ণামেণ্টত গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিব তিনি গৰাকী বক্সাৰে । পাঞ্জাবৰ লুধিয়ানা চহৰৰ এল পি ইউত হ’বলগা এই টুৰ্ণামেণ্টৰ বাবে যোগ্যতা অৰ্জন কৰিছে এই কেইগৰাকী বক্সাৰে ।তেওঁলোক হল দৰং কলেজৰ শ্বাহিল সৰকাৰ,একেখন কলেজৰ নান্টু বড়ো আৰু তেজপুৰ কলেজৰ গৌৰৱ গৌড় । তেওঁলোকে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ অধীনত কৃষ্ণা ডেকা আৰু চাহিদা খাতুনৰ দ্বাৰা প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । এই টুৰ্ণামেণ্টখনৰ বাবে তেওঁলোকক অলিম্পিয়া পৰিয়ালে শুভেচ্ছা জনাইছে।