Sunday, October 2, 2022
HomeNewsসলনি হ'ল ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ নাম

সলনি হ’ল ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ নাম

অলিম্পিয়া প্ৰতিবেদন

সলনি হ’ল ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ নাম। এতিয়াৰে পৰা খেলৰত্ন বঁটাৰ নতুন নাম হ’ব মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি এই কথা ঘোষণা কৰে। তেওঁ কয় যে বহু ভাৰতীয়ৰ পৰা অতদিনে লাভ কৰি অহা অনুৰোধ মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ভাৰতীয়ৰ আৱেগৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত লোৱা হৈছে তেওঁ টুইটাৰত উল্লেখ কৰে।

উল্লেখযোগ্য যে, খেলৰত্ন পুৰস্কাৰ ভাৰতৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান। ১৯৯১ চনত পোন প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰৱৰ্তন কৰা হৈছিল। ইয়াৰ পিছৰে পৰা ধাৰাবাহিকভাৱে ভাৰতীয় ক্ৰীড়াক্ষেত্ৰলৈ অৱদান আগবঢ়াই অহা ক্ৰীড়াবিদসকলক এই সন্মান প্ৰদান কৰা হৈছে। শচীন টেণ্ডুলকাৰ, মেৰী কমৰ পৰা আৰম্ভ কৰি বিৰাট কৌহলীলৈ দেশৰ প্ৰায় সকলো আগশাৰীৰ ক্ৰীড়াবিদলৈ ইতিমধ্যেই এই সন্মান আগবঢ়োৱা হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments