অলিম্পিয়া প্ৰতিবেদন
অসম ফুটবল সন্থাৰ উদ্যোগত আৰু চৰাইদেও জিলা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত হৈ থকা ৬৯ সংখ্যক ক্ষীৰোদ বৰুৱা ছিনিয়ৰ আন্তঃজিলা ফুটবল চেম্পিয়নশ্বিপৰ আজি অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে মৰিগাঁৱক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। খেলৰ ৮৩ মিনিটত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জিন্টু নাগে অপূৰ্ব দক্ষতাৰে দিয়া একমাত্ৰ গ’লৰ সহায়ত ফাইনেলত স্থান নিশ্চিত কৰে দলটোৱে। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনৰ প্ৰথম ২ মিনিটতে মৰিগাঁৱৰ কৃষান কোঁৱৰে গ’ল দিয়াৰ সুযোগ লাভ কৰিছিল যদিও ব্যৰ্থ হয়।
আজিৰ খেলখনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ লেফ্ট বেকত মিন্টু মেচ, ষ্ট্ৰাইকাৰত জিন্টু নাগ,অবিনাশ মেচ, হাফত সৌৰভ চলিহা, মানস প্ৰতিম চেতিয়া সুনিপুন ফুটবল শৈলীৰে উজলি উঠে। মৰিগাঁৱৰ হৈ ষ্টপাৰত চিন্তামণি পাটৰ, মুষ্টাক আলী উজলি উঠাৰ বিপৰীতে মুন্না বৰদলৈয়ে প্ৰতিপক্ষৰ আক্ৰমণ প্ৰতিহত কৰি আন বহুকেইটা গ’লৰ পৰা নিজ দলক ৰক্ষা কৰে। খেল পৰিচালনা কৰে দেৱাশীষ মজুমদাৰ, কপিল চেতিয়া, গৌতম বৰা আৰু পুষ্পৰঞ্জন বৰুৱাই।
প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত কাইলৈ গুৱাহাটীয়ে ওদালগুৰিৰ বিপক্ষে অৱতীৰ্ণ হ’ব।