Sunday, July 3, 2022
HomeNewsছিনিয়ৰ আন্তঃজিলা ফুটবলৰ ছেমিফাইনেলত ওদালগুৰি

ছিনিয়ৰ আন্তঃজিলা ফুটবলৰ ছেমিফাইনেলত ওদালগুৰি

অলিম্পিয়া প্ৰতিবেদন

চৰাইদেউ জিলাৰ সোণাৰীত চলি থকা ক্ষীৰোদ বৰুৱা ট্ৰফী ৬৯ সংখ্যক ছিনিয়ৰ আন্তঃজিলা ফুটবল টুৰ্ণামেন্টৰ ছেমিফাইনেলত উপনীত হৈছে উদালগুৰি দল।অসম ফুটবল সন্থাৰ দ্বাৰা সোণাৰী ৰাজহুৱা খেলপথাৰত চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত আয়োজিত ফাইনেল ৰাউণ্ডৰ বুধবাৰৰ মেচখনত ওদালগুৰি য়ে ৪- ২ গলৰ ব্যৱধানত পৰাস্ত কৰে যোৰহাটক।

কিনকিনিয়া বৰষুণৰ মাজতে আৰম্ভ হোৱা মেচখনৰ ১৪ আৰু ২৪ মিনিটত ওদালগুৰিৰ হৈ ক্ৰমে ৭নং জাৰ্ছি পৰিহিত টিংকু বাগলাৰী আৰু ১০নং জাৰ্ছিৰ নচিব চোৰেনে গল দি দলক ২-০ ৰ অগ্ৰগতি প্ৰদান কৰে।কিন্তু যোৰহাটৰ হৈ ৪১ মিনিটত ১৭নং জাৰ্ছি পৰিহিত ভাৰত শইকীয়া আৰু বিৰতিৰ হুইচেল বজাৰ ঠিক আগমুহুৰ্তত ১৫ নং জাৰ্ছিৰ লোহিত টায়েই দিয়া গলৰ ফলত বিৰতিলৈকে মেচখন 2-2 গলত ড্ৰ হৈ ৰয়।


কিন্তু বিৰতিৰ পিছত মেচখন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আনি ওদালগুৰিয়ে দুটা গল স্কৰ কৰি জয়লাভ নিশ্চিত কৰে।মেচৰ ৬২ মিনিটত ৯নং জাৰ্ছিৰ মাইকেল দৈমাৰী আৰু ৮২ মিনিটত ১৭নং জাৰ্ছিৰ ইৰাকদাও ব্ৰহ্মই দিয়া গলৰ সহায়ত ওদালগুৰি দল অন্তিম চাৰিত উপনীত হয়।


মেচখন পৰিচালনা কৰে পুস্পৰঞ্জন বৰুৱা, অসীম হাজৰিকা, কপিল চেতীয়া আৰু চৰ্তুথ ৰেফাৰী কিৰণ মিলিয়ে।কাইলৈ দিনৰ ২-৩০ বজাৰ পৰা গুৱাহাটীয়ে বঙাইগাওঁৰ বিৰুদ্ধে ফুটবলৰ যুঁজত অৱৰ্তীন হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments