অলিম্পিয়া প্ৰতিবেদন
গুৱাহাটীয়ে ক্ষীৰোদ বৰুৱা ট্ৰফী ৬৯ সংখ্যক ছিনিয়ৰ আন্তঃজিলা ফুটবল চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত উপনীত হৈছে । অসম ফুটবল সন্থাৰ সৌজন্যত আৰু চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ তদাৰকত আয়োজিত প্ৰতিযোগিতাৰ বৃহস্পতিবাৰৰ মেচত গুৱাহাটীয়ে বঙাইগাওঁক ছাডেন ডেথৰ সহায়ত সামগ্ৰিকভাৱে ৮-৭ গলৰ ব্যৱধানত পৰাস্ত কৰি চাৰিত উপনীত হয়।
সোণাৰি ৰাজহুৱা খেলপথাৰত বিপুল দৰ্শকৰ উপস্থিতিত দুয়োটা দলে গল কৰাৰ অপ্ৰাণ চেষ্টা চলাই যদিও সফল নহল ।বিশেষকৈ দুৰ্বল ফিনিচিঙৰ বাবে দুয়োটা দলৰ ষ্ট্ৰাইকাৰ সকলে গল দিয়াৰ সুযোগ অথলে নিয়ায়। নিৰ্ধাৰিত সময়ত মেচখন গলশূণ্য ভাৱে সামৰণি পৰাত খেলৰ ফলাফল নিৰ্ণয়ৰ বাবে ৰেফাৰীয়ে ট্ৰাইবেকাৰৰ সহায় লয়।এই পৰ্যায়তো কোনো ফলাফল নোলোৱাত ছাডেন ডেথৰ মাজেদি ফলাফল নিৰ্ণয় কৰিব লগা হয়।
গুৱাহাটীয়ে এতিয়া শনিবাৰৰ দ্বিতীয়খন ছেমিফাইনেলত ওদালগুৰিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব । শুক্ৰবাৰে প্ৰথমখন ছেমিফাইনেলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দলে মৰিগাঁওৰ বিৰুদ্ধে খেলিব। আজিৰ খেল পৰিচালনা কৰে অসীম হাজৰিকা, ৰূপজ্যোতি মহন, গৌতম বৰা আৰু চৰ্তুথ ৰেফাৰী দেৱাশীষ মজুমদাৰে।প্ৰথমখন ছেমিফাইনেল দিনৰ ২-৩০ বজাত আৰম্ভ হ’ব বুলি জনাইছে চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক ইমদাদ হুছেইনে।