Olympiasports.in
অসমৰ প্ৰসিদ্ধ ফুটবলাৰ আব্দুল লটিফৰ বিয়োগত অসম খো-খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা আৰু সম্পাদক মঃ আফতাব হুছেইনে গভীৰ শোক প্ৰকাশ কৰিছে।
খো-খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা আৰু সম্পাদক মঃ আফতাব হুছেইনে এক প্ৰছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰয়াত আব্দুল লটিফৰ আত্মাৰ চিৰ শান্তিৰ বাব ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে।
খো-খো সন্থাৰ সভাপতি-সম্পাদকদ্বয়ে প্ৰয়াত আব্দুল লটিফৰ অসমৰ ক্ৰীড়া জগতলৈ অৱদান অতুলনীয় বুলি উল্লেখ কৰাৰ উপৰিও অসমৰ প্ৰথম ‘ৰাজ্যিক ক্ৰীড়া নীতি’ৰ খছৰা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰয়াত লটিফে আগভাগ লৈছিল বুলি উল্লেখ কৰিছে।