আজি বৰভাগ মহাবিদ্যালয়ৰ উদ্যোগত আৰু নলবাৰী জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত খো খো খেলৰ প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্বোধনী অনুষ্ঠান ৰূপায়িত কৰা হয়। উদ্বোধন কৰে সদৌ অসম খো খো সন্থাৰ যুটীয়া সম্পাদক তথা বৰভাগ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গোবিন্দ চন্দ্ৰ কলিতাই। সভাত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ইউনুচৰ ৰহমান, শিক্ষক গোটৰ সভাপতি ড০ ধনেশ্বৰ বৈশ্য, অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ফনিধৰ ডেকা, জ্যেষ্ঠ অধ্যাপক ডঃ কৰুনা বৰুৱা, প্ৰশিক্ষক ৰাজীৱ শৰ্মাই ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি ভাষণ ৰাখে। অনুষ্ঠানৰ আঁত ধৰে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডঃ বিপুল কলিতাই। উদ্বোধনী খেলখনত শাৰীৰীক শিক্ষা নিৰ্দেশক কন্দৰ্প কলিতা, মহেন্দ্ৰ ডেকা, মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক হেমন্ত ডেকাই সহযোগিতা আগবঢ়ায়।
