Friday, September 30, 2022
HomeNewsক্ৰীড়া ভাৰতী নগাঁও জিলা সমিতিৰ উদ্যোগত আন্তঃজিলা ৰচী টনা প্ৰতিযোগিতা

ক্ৰীড়া ভাৰতী নগাঁও জিলা সমিতিৰ উদ্যোগত আন্তঃজিলা ৰচী টনা প্ৰতিযোগিতা

https://olympiasports.in/

ভাৰতৰ এক পৰম্পৰাগত খেল ৰূপে পৰিচিত ৰচী টনা খেল। এই খেল বিধে আন্তৰ্জাতিক পৰ্য্যায়তো বৰ্তমান গুৰুত্ব আৰোপ কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত এই খেলবিধৰ অসমৰ খেলুৱৈসকলে সুন্দৰ প্ৰদৰ্শন কৰাৰ লগতে খেল বিধৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে ক্ৰীড়া ভাৰতীৰ নগাঁও জিলা সমিতিয়ে অনুষ্ঠিত কৰে নৱম বাৰ্ষিক সদৌ অসম আন্তঃজিলা ৰচী টনা প্ৰতিযোগিতা।

ক্ৰীড়া ভাৰতী নগাঁও জিলা সমিতি আৰু টাগ অব ৱাৰ নগাঁও সমিতিৰ সহযোগত চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত কালি নৱম বাৰ্ষিক সদৌ অসম আন্তঃজিলা ৰটী টনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই ৰচী টনা খেল প্ৰতিযোগিতাখনত প্ৰায় এঘাৰখন জিলাৰ প্ৰতিযোগিতীয়ে অংশগ্ৰহণ কৰে। পুৱা ৰঙাপাৰা বিধানসভা সমষ্টিৰ প্ৰয়াত বিধায়ক ৰাজেন বৰঠাকুৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰা প্ৰতিযোগিতাখনৰ পতাকা উত্তোলন কৰে অনিল শইকীয়াই। আনহাতে প্ৰতিখন জিলাৰ পতাকা উত্তোলন কৰে জ্যেষ্ঠ উদ্যোক্তাসকলৰ লগতে একাংশ জিলাৰ প্ৰতিনিধিয়ে।

প্ৰতিযোগিতাখনত গোলঘাটৰ পুৰুষ মহিলা উভয় দলে প্ৰথমস্থান লাভ কৰিবলৈ সক্ষম হয়।পুৰুষৰ নগাঁও জিলাই দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে মহিলাৰ শাখাত ধনশিৰি জিলাই দ্বিতীয় স্থান লাভ কৰে। আনহাতে তেজপুৰ বিশ্ব বিদ্যালয়ে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে নগাঁও জিলাৰ মহিলা দলটোৱে লাভ কৰে তৃতীয় স্থান লাভ কৰে।




- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments